অসম

অসমত প্ৰফেচনেল ফুটবল একাডেমী খোলাৰ পৰিকল্পনা জুবিনৰ, মন্ত্ৰীৰে আনুষ্ঠানিক আলোচনা…

ৰাজ্যত এখন পেছাদাৰী ফুটবল একাডেমী খোলাৰ পৰিকল্পনা জনপ্রিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ।

এই বিষয়ে তেওঁ ইতিমধ্যে ৰাজ্য চৰকাৰৰ বিভাগীয় মন্ত্ৰী বিমল বৰাৰে কথাও পাতিছে।

শুক্ৰবাৰে তেজপুৰত এই কথা সদৰি কৰি তেওঁ কয় যে, ইয়াৰ বাবে প্রয়োজনীয় মাটি চৰকাৰে প্ৰদান কৰিব লাগিব।

ৰাজ্যত এখন ফুটবল একাডেমীৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰি অহা জুবিনে সেয়ে নিজেই এখন ফুটবল একাডেমী স্থাপন কৰাৰ আগ্ৰহ প্ৰকাশ কৰে।

জাতীয় বীৰ লাচিত বৰফুকনৰ প্রসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কণ্ঠশিল্পীজনে কয় যে, লাচিত দিৱস এইবেলি যিদৰে চৰকাৰে আয়োজন কৰিছে সেয়া শলাগিবলগীয়া। লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তী উপলক্ষে ৰাজ্য চৰকাৰে দিল্লীত আয়োজন কৰিবলৈ ওলোৱা বিশেষ অনুষ্ঠানৰ শীৰ্ষ গীতৰ কামো তেওঁ কৰাৰ কথা উল্লেখ কৰে।

ইয়াৰ উপৰি শিক্ষানুষ্ঠানসমূহত বুৰঞ্জী বিষয়টো থকা দৰকাৰ বুলি উল্লেখ কৰি জুবিনে তেওঁৰ পঢ়া দিনৰ কথাও স্মৰণ কৰে।

ইপিনে, সম্প্ৰতি ৰাজ্যত চিনেমা মুক্তিৰ একপ্ৰকাৰ প্ৰতিযোগিতামূলক পৰিৱেশ গঢ় লৈ উঠিছে যদিও সেয়া শুভলক্ষণ নহয় বুলি মন্তব্য কৰে জুবিনে। নিজৰ ছবিৰ কথা উল্লেখ কৰি জুবিনে অৱশ্যে অসমৰ ছবি উদ্যোগটোক লৈ যথেষ্ট আশাবাদী বুলি ব্যক্ত কৰে।

ইফালে, যোৰহাটত এইবাৰ তেওঁৰ অনুৰাগীয়ে জন্মদিনৰ বিশেষ আয়োজন কৰাৰ কথা সদৰী কৰি জুবিনে কয়, ‘মই মোৰ জন্মদিনত কিবা এটা ভাল কাম কৰিবলৈ প্ৰচেষ্টা হাতত লৈ আহিছো।’

Related Articles

Back to top button