অসমত চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ মিত্ৰদল…

May 2, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এগজিট প’লৰ পূৰ্বানুমানক সত্য প্ৰমাণিত কৰি অসমত পুনৰ চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হৈছে ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন মিত্ৰদলসমূহে।

ভাৰতৰ নিৰ্বাচন আয়ােগে ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত প্ৰকাশ কৰা ১১৯ টা বিধানসভা সমষ্টিৰ জয়ৰ দিশে অগ্ৰসৰ হােৱা ৰাজনৈতিক দলসমূহৰ তথ্য অনুসৰি, ৬০ টা বিধানসভা সমষ্টিত অগ্ৰগতি লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীয়ে।

আনহাতে, মিত্ৰদল অসম গণ পৰিষদে ১੦ টা সমষ্টিত, ইউপিপিএল দলে ৭ টা সমষ্টিত অগ্ৰগতি লাভ কৰিছে।

ইয়াৰ বিপৰীতে, বিৰােধী কংগ্ৰেছ দলে ২৫ টা তথা সহযােগী এআইইউডিএফ দলে ১১ টা সমষ্টিত অগ্ৰগতি লাভ কৰিছে। মিত্ৰজােঁটৰ অন্য সহযােগী দল চিপিএমে ১ টা সমষ্টিত অগ্ৰগতি লাভ কৰিছে।

বিপিএফ দলে ৩ টা আৰু নিৰ্দলীয়ই ১ টা সমষ্টিত অগ্ৰগতি লাভ কৰিছে।

উল্লেখ্য যে এইবাৰ ১২৬টা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ আৰু নির্দলীয় ৯৪৬গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছে। প্রতিদ্বন্দ্বিতা কৰা ৯৪৬গৰাকীৰ ৮৭২গৰাকী পুৰুষ আৰু ৭৪গৰাকী মহিলা প্রার্থী।

তিনিটা পর্যায়ত সম্পন্ন হোৱা নির্বাচনত এইবাৰ মুঠ ভোটদাতা আছিল ২,৩৩,৭৪০৮৭৷ আনহাতে, মুঠ ভোটগ্রহণ কেন্দ্র আছিল ৩৩,৫৩০।

লক্ষণীয়ভাৱে এইবাৰ পোষ্টেল বেলট ভোট সাব্যস্ত হৈছে ১,৫০,০৩৩টা।