fbpx
অসমঅসমীয়াৰাষ্ট্ৰীয়

বাংলাদেশৰ কাৰাগাৰৰ পৰা পলাই আহি অসমত গ্ৰেপ্তাৰ হ’ল ইউক্ৰেইনৰ দুই নাগৰিক!

নিউজ ডেস্ক। ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ মাজতে অসমত অবৈধভাৱে প্ৰৱেশ কৰাৰ অভিযোগ গ্ৰেপ্তাৰ হোৱা ইউক্ৰেইনৰ ২ নাগৰিকক লৈ পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য।

উল্লেখ্য যে, বৃহস্পতিবাৰে কৰিমগঞ্জ আৰক্ষীয়ে বদৰপুৰ ৰে’ল ষ্টেছনৰ পৰা আটক কৰিছিল ত্ৰিছচিপ্সকী ভল’ডিমীৰ (৩৯) আৰু নাজাৰী ভজনিউক (২১) নামৰ ইউক্ৰেইনৰ নাগৰিক দুজনক।

ইয়াৰ পিছতে দুয়োকে সোধাপোছা চলায় আৰক্ষীয়ে।

G2 26

কিন্তু ইউক্ৰেনিয়ান দুজনৰ কথাৰ বিসংগতিৰ বাবে দুয়োকে গ্ৰেপ্তাৰ কৰা হয় আৰু ৭ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আদালতে।

কৰিমগঞ্জ জিলাৰ উপ-আৰক্ষী অধীক্ষক জেমছ সাংগাতে জানিবলৈ দিয়া মতে, ২০১৯ চনৰ পাছপ’ৰ্টেৰে দুয়োজন ইউক্ৰেইনৰ নাগৰিকে ভাৰতত প্ৰৱেশ কৰিছিল। কিন্তু ২০২০ চনতে তেওঁলোকৰ পাছপ’ৰ্টৰ ম্যাদ উকলি যায়।

তাৰ পিছত দুয়োজনে কিছুদিন ভাৰততে থাকি কলকাতা হৈ বাংলাদেশলৈ যায় আৰু তাতেই অপৰাধজনিত ঘটনাৰ সৈতে জড়িত পৰে দুয়োজন বিদেশী নাগৰিক।

G3 20

বাংলাদেশত এটিএম প্ৰৱঞ্চনাৰ অভিযোগত ঢাকা কেন্দ্ৰীয় কাৰাগাৰতো কাৰাবন্দী হৈ আছিল ইউক্ৰেনিয়ান দুজন। কিন্তু অন্য এখন জে’ললৈ নি থকাৰ সময়ত বাংলাদেশ আৰক্ষীৰ চকুত ধূলি দি দালালৰ সহযোগত দুয়োজনে পুনৰ ভাৰতলৈ পলায় আহে।

দুয়োজনে বাংলাদেশৰ পৰা ত্ৰিপুৰা হৈ নতুন দিল্লীলৈ যোৱাৰ পৰিকল্পনাৰে ত্ৰিপুৰা সুন্দৰী ৰেলেৰে বদৰপুৰ ৰেল ষ্টেচনত হোৱাৰ সময়তে অসম আৰক্ষী আৰু ৰে’ল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ইউক্ৰেইনৰ নাগৰিক দুজনক।

দুয়োৰে পৰা বাংলাদেশী নোট আৰু আন কেতবোৰ সামগ্ৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

আৰক্ষীয়ে ইতিমধ্যে নতুন দিল্লীৰ ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিছে। নাগৰিক দুজনক লৈ ন ন বিস্ফোৰক তথ্য পোহৰলৈ অহাত চাঞ্চল্যৰ সৃষ্টি হৈছে।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!