অসমত এনকাউণ্টাৰ চলা নাই, আৰক্ষীৰ ‘একশ্যন’ চলিছেঃ আৰক্ষী সঞ্চালকপ্ৰধান

নিউজ ডেস্ক। ৰাজ্যত প্ৰতিদিনে সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা।

ড্ৰাগছ পেডলাৰ, ধৰ্ষণকাৰী, চোৰাং চিকাৰী, ডকাইতৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হোৱাৰ পিছত এনকাউণ্টাৰত আহত হৈছে বহু অপৰাধী। আনকি আৰক্ষীৰ এনকাউণ্টাৰত অপৰাধীৰ মৃত্যু ঘটাৰ ঘটনাও সংঘটিত হৈছে এইখন অসমত।

আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰি গুলিবিদ্ধ হোৱাৰ এখন ‘ৰেডিমেড স্ক্ৰীপ্ট’ আওৰাই সংঘটিত কৰা আৰক্ষীৰ এনকাউণ্টাৰক লৈও প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

প্ৰকৃত এনকাউণ্টাৰৰ আঁৰত ভুৱা এনকাউণ্টাৰ চলাই আৰক্ষীয়ে জনতাৰ মাজত আতংকৰ সৃষ্টি কৰিব খোজাৰো অভিযোগ উত্থাপন হৈছে।

Bhashkar-Jyoti-Mahanta-IPS-DGP-Assam-along-with-Niraj-Verma-IAS-Principal-Secretary-Home-Power-etc-a

বিশেষকৈ আৰক্ষীৰ এনকাউণ্টাৰৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগত সাৰ-পানী যোগাইছে নগাঁও কাণ্ডই। আৰক্ষীৰ গুলীত আহত হৈ বৰ্তমানো চিকিৎসাধীন হৈ থকা ছাত্ৰনেতা কীৰ্তিকমল বৰাৰ ঘটনাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে।

ইতিমধ্যে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে চৰকাৰে গঠন কৰি দিয়া অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰৰ এজনীয়া তদন্ত সমিতিয়ে।

কিন্তু তাৰ মাজতে এইবাৰ আৰক্ষীৰ এনকাউণ্টাৰক ‘একশ্যন’ আখ্যা দি আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই কৰা মন্তব্যই নতুন বিতৰ্কৰ সূচনা কৰাৰ সম্ভাৱনা বৃদ্ধি কৰিছে।

কাহিলিপাৰাত অনুষ্ঠিত হোৱা আৰক্ষীৰ এক অনুষ্ঠানত সংবাদ মাধ্যমে সোধা এক প্ৰশ্নৰ উত্তৰত আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই কয় যে অসমত আৰক্ষীয়ে এনকাউণ্টাৰ চলোৱা নাই, এয়া আৰক্ষীৰ একশ্যন চলি আছে।

আৰক্ষী সঞ্চালকপ্ৰধান গৰাকীয়ে এনকাউণ্টাৰক ‘একশ্যন’ অভিহিত কৰাৰ কাৰণ অৱশ্যে এতিয়াও অস্পষ্ট। কিন্তু ভুৱা এনকাউণ্টাৰক লৈ ৰাজ্যজুৰি সৃষ্টি হোৱা বিতৰ্কৰ মাজত সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই কৰা এনে মন্তব্যই এক নতুন বিতৰ্কৰ আৰম্ভণি ঘটাব পাৰে।

ইফালে নগাওঁ কাণ্ডৰ ঘটনা সন্দৰ্ভত তদন্ত আব্যাহত আছে বুলি উল্লেখ কৰি সঞ্চালক প্ৰধানগৰাকীয়ে সেই বিষয়ত মন্তব্য কৰাৰ পৰা বিৰত থাকে।

লগতে চাওকঃ

লটাৰীত লাভ কৰা এখন মটৰ চাইকেলেই কাল হ’ল এজন অসম আৰক্ষী জোৱানৰ

G8

ভূপেন বৰাৰ কবিতাৰ সৈতে কি সম্পৰ্ক মিষ্টাৰ ৰাজকুমাৰৰ? ক’লে বিধায়ক জয়ন্ত মল্ল বৰুৱাই…

G1

Leave a Comment