অসমত আটক দুই মহিলা সাংবাদিকক গ্ৰেপ্তাৰ ত্ৰিপুৰা আৰক্ষীৰ, আদালতৰ জামিন প্ৰদান

ত্ৰিপুৰাৰ শেহতীয়া সাম্প্ৰদায়িক ঘটনাৰ সন্দৰ্ভত বাতৰি পৰিৱেশন কৰি গ্ৰেপ্তাৰ হ’ল দুই মহিলা সাংবাদিকে। অসম আৰক্ষীয়ে আটক কৰা মহিলা সাংবাদিকক মাজনিশা গ্ৰেপ্তাৰ কৰে ত্ৰিপুৰা আৰক্ষীয়ে।

দুই সাংবাদিক হ’ল এইচ ডব্লিউ নিউজ নেটৱৰ্কৰ সাংবাদিক সমৃদ্ধি চাকুনিয়া আৰু স্বৰ্ণ ঝা।

ভিএইচপি সমৰ্থকৰ দ্বাৰা দাখিল কৰা এজাহাৰৰ ভিত্তিত দেওবাৰে ত্ৰিপুৰা আৰক্ষীয়ে দেওবাৰে দুয়ােকে প্ৰথমে আটক কৰিছিল।

G4

কিছু সময় পাছত দুয়ােকে মুকলি কৰি ৰাজ্যখনৰ পৰা বাহিৰ কৰি পঠিওৱা হৈছিল যদিও পাছত অসমত প্ৰৱেশৰ পাছত অসম আৰক্ষীয়ে দুয়াে মহিলা সাংবাদিকক আটক কৰে।

সংবাদ সংস্থাটোৱে টুইট কৰি এই সন্দৰ্ভত কয়, “আমাৰ সাংবাদিক সমৃদ্ধি চাকুনিয়া আৰু স্বৰ্ণ ঝাক আজি পুৱা প্ৰায় ১২:৫৫ বজাত ত্ৰিপুৰা আৰক্ষীয়ে তেওঁলোকৰ ট্ৰেঞ্জিট ৰিমাণ্ড লাভ কৰাৰ পিছত অসমৰ কৰিমগঞ্জৰ আশ্ৰয় গৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকক ত্ৰিপুৰালৈ ঘূৰাই নিয়া হৈছে। য’ত তেওঁলোকক উদয়পুৰ দণ্ডাধীশ আদালতত হাজিৰ কৰোৱা হ’ব। জ্যেষ্ঠ অধিবক্তা পিজুশ বিশ্বাসে ব্যক্তিগতভাৱে এইচডব্লিউ নিউজ নেটৱৰ্কৰ হৈ তেওঁলোকৰ হৈ উপস্থিত হ’ব। আমি তাৎক্ষণিকভাৱে জামিন আৰু আমাৰ সাংবাদিকসকলৰ মুক্তিৰ বাবে জোৰ দি আছো।”

এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই দেওবাৰে আগৰতলাত কয় যে সাংবাদিকসকলে সামাজিক মাধ্যমত প’ষ্ট কৰিছিল যে গোমতী জিলাত এটা মছজিদ জ্বলাই দিয়া হৈছিল আৰু কোৰাণৰ এটা প্ৰতিলিপি ক্ষতিগ্ৰস্ত হৈছিল। তেওঁলোকে আপলোড কৰা ভিডিঅ’বোৰ ত্ৰিপুৰা আৰক্ষীয়ে সন্দেহ কৰে।

FEO6pe6-VIAIK0-US

১১ নৱেম্বৰত কৰা এটা টুইটত চাকুনিয়াই লিখিছিল, “ত্ৰিপুৰা হিংসা দৰ্গা বজাৰঃ ১৯ অক্টোবৰৰ পুৱা প্ৰায় ২:৩০ বজাত কিছুমান অচিনাক্ত লোকে দৰগা বজাৰ অঞ্চলৰ মছজিদটো জ্বলাই দিয়ে। ওচৰ-চুবুৰীয়াৰ লোকসকলে এই কথাত অতি শংকিত হৈ পৰিছে যে এতিয়া তেওঁলোকৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ কোনো ঠাই নাই।”

ত্ৰিপুৰা আৰক্ষী প্ৰধান ভি এছ যাদৱৰ কাৰ্যালয়ৰ দ্বাৰা জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত দাবী কৰা হৈছে যে চাকুনিয়াৰ প’ষ্টসমূহ সঁচা নহয় আৰু ই সম্প্ৰদায়সমূহৰ মাজত ঘৃণাৰ ভাৱ কঢ়িয়াই আনে।

আনহাতে এডিটৰ্ছ গিল্ড অৱ ইণ্ডিয়াই সাংবাদিকসকলৰ বিৰুদ্ধে আৰক্ষীৰ ব্যৱস্থা গ্ৰহণক নিন্দা কৰে আৰু তেওঁলোকক তাৎক্ষণিকভাৱে মুক্তি দিয়া দাবী উত্থাপন কৰে।

ইপিনে, সােমবাৰে ত্ৰিপুৰা আৰক্ষীয়ে সাংবাদিক দুগৰাকীক আদালতত হাজিৰ কৰে। আদালতে দুয়ােগৰাকী মহিলা সাংবাদিককে জামিন প্ৰদান কৰে।

Leave a Comment