অসম
অসমত অল কায়দাৰ লিংকমেন! অল কায়দাৰ লগত জড়িত থকাৰ সন্দেহত ৫ জনক গ্ৰেপ্তাৰ…

অসমত অল কায়দা! অল কায়দাৰ লগত জড়িত থকাৰ সন্দেহত ৫ জনক গ্ৰেপ্তাৰ।
বৰপেটাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে পাঁচো জনক।
বৰপেটাৰ হাউলীৰ কলগাছিয়াৰ পৰা গ্ৰেপ্তাৰ লোক কেইজন।
গ্ৰেপ্তাৰ হোৱা লোক কেইজন আনুষ্ঠানিকভাৱে Qaedat al-Jihad বুলি জনা যায়।
এই সন্দৰ্ভত এক প্ৰেছ বিজ্ঞপ্তি সদৰি কৰা হৈছে। সেই বিজ্ঞপ্তি অনুসৰি গ্ৰেপ্তাৰ হোৱা লোক কেইগৰাকীৰ নাম- মহম্মদ সুমন তথা ছাইফুল ইছলাম, খাইৰুল ইছলাম (২৭), বাদশ্বাহ ছুলেইমান খান (২৮), নৌশ্বদ আলী (৪০) আৰু হাউলীৰ তাইমুৰ ৰহমান খান (৫৪)।

ইয়াৰে এগৰাকী বাংলাদেশৰ লোক। বাংলাদেশৰ মহম্মদ সুমন গ্ৰেপ্তাৰ অসম আৰক্ষীৰ হাতত। আনাহতে তিনিজন কলগাছিয়াৰ আৰু এজন হাউলীৰ বুলি জানিব পৰা গৈছে।
লোক কেইজন ধৰা পৰা পাছতে আৰক্ষীৰ মাজত তোলপাৰ লাগিছে এই খবৰে।