অসম

অসমতে এলাগী অসমীয়া ভাষা, বৰাকৰ পৰা আঁতৰিল অসমীয়া ভাষাৰ বিজ্ঞাপন…

অসমতে এলাগী হৈ ৰ’ল অসমীয়া ভাষা।

বৰাকৰ পৰা আঁতৰিল প্ৰধানমন্ত্ৰীৰ ফটো সম্বলিত অসমীয়া ভাষাৰ বিজ্ঞাপন।

চৰকাৰী বিজ্ঞাপন আঁতৰালে জিলা প্ৰশাসনে।

বৰাক ডেম’ক্ৰেটিক ফ্ৰণ্টৰ সকীয়নিত সেও মানি বেনাৰ খন আঁতৰালে জিলা প্ৰশাসনে।

২৪ ঘণ্টাৰ সময় বান্ধি দিছিল সংগঠনটোৱে।

তাৰ পিছতেই আঁতৰাই দিয়া হ’ল অসমীয়া ভাষাৰ বিজ্ঞাপন।

উল্লেখ্য যে, কোভিড-১৯ৰ সজাগতা সৃষ্টিৰ বাবে শিলচৰত জিলা প্ৰশাসনে আঁৰিছিল এখন হৰ্ডিং।যিখন ফলককৈ বৰাকত সৃষ্টি হৈছিল বিতৰ্কৰ৷

‘ফলক আঁতৰ নকৰিলে ল’ব বিকল্প ব্যৱস্থা’ এই ভাবুকি প্ৰদান কৰিছিল বৰাক ডেম’ক্ৰেটিক ফ্ৰণ্টৰ নেতা প্ৰদীপ দত্ত ৰয়ে৷

শিলচৰত ৰাজ্য চৰকাৰে লগোৱা এই অসমীয়া ভাষাৰ বিজ্ঞাপনৰ বেনাৰখনত আঁতৰ কৰিবলৈ প্ৰশাসনক বান্ধি দিছিল ২৪ ঘণ্টাৰ সময়৷

আজি পুৱাৰ ভাগতে বৰাকৰ পৰা আঁতৰিল অসমীয়া ভাষাৰ বিজ্ঞাপন৷ চৰকাৰী বিজ্ঞাপন আঁতৰালে জিলা প্ৰশাসনে৷

মাত্ৰ কেইটামান দিনৰ পূৰ্বে বৰাকত চৰকাৰী হৰ্ডিংত অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ বাবেই ক’লা ৰং সানি অসমীয়া ভাষাক চূড়ান্ত অপমান কৰিছিল। অসমীয়া ভাষাৰ ওপৰত চলা সেই আক্ৰমণৰ ক্ষোভ আৰু বেদনা মাৰ নৌযাওঁতেই পুনৰ অসমীয়া ভাষাক বৰাকৰ পৰা বিতাৰণ কৰাক লৈ এতিয়া সৃষ্টি হৈছে পুনৰ বিতৰ্ক।

উল্লেখ্য যে, কিছুদিন পুৰ্বে অসম লোকসেৱা আয়োগৰ পৰা বাতিল কৰা হৈছিল অসমীয়া ভাষা৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত ঘোষণা কৰিছিল৷ তাৰপাছত সমালোচনাৰ বলি হৈছিল মুখ্য়মন্ত্ৰী৷

Related Articles

Leave a Reply

Back to top button