নিউজ ডেস্কঃ অসমীয়া জাতি-মাটি-ভেটিৰ কথা কৈ অসমৰ জনতাৰ আবেগৰ সৈতে খেলা কৰা বিজেপি চৰকাৰৰ দিনত অসমতে এলাগী হ’ল অসমীয়া ভাষা!
অসমীয়া ভাষাৰ ওপৰত বাৰে বাৰে নামি অহা অস্তিত্বৰ সংকটৰ সময়তে বিটিআৰৰ চৰকাৰী কাৰ্যালয়ৰ ফলত অসমীয়া ভাষাৰ ব্যৱহাৰ নোহোৱাক লৈ ক্ষুব্ধ হৈ পৰিছে বিভিন্ন দল-সংগঠনৰ লগতে সচেতন মহল।
যাৰ বাবে চিৰাং জিলাৰ বিজনীত নতুনকৈ নিৰ্মাণ কৰা খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সহকাৰী সঞ্চালকৰ কাৰ্যালয়ৰ পৰা বড়ো আৰু ইংৰাজী ভাষাৰ ফলত আঁতৰাই পেলালে বিজনী আঞ্চলিক ছাত্ৰ সন্থাই।

বিজনী আঞ্চলিক ছাত্ৰ সন্থাই কাৰ্যালয়টোৰ ফলকত বড়ো, ইংৰাজী ভাষাৰ ব্যৱহাৰৰ লগতে অনাগত সময়ত অসমীয়া ভাষাৰ ব্যৱহাৰৰো দাবী জনায়।
আছুৰ নেতাই কয়, ‘আমি ইংৰাজী বা বড়ো ভাষাৰ বিৰোধী নহয়। কিন্তু অসমৰ চৰকাৰী কাৰ্যালয়ত অসমীয়া ভাষা ব্যৱহাৰ নকৰা কাৰ্যৰহে আমি বিৰোধিতা কৰিছো।’
অনাগত দিনত প্রমোদ বড়ো নেতৃত্বাধীন বিটিআৰ প্রশাসনকো অসমীয়া ভাষা বিৰোধী কাম নকৰিবলৈ সকীয়াই দিয়ে বিজনী আঞ্চলিক আছুৱে।