অশান্ত মেঘালয়ঃ শ্বিলঙত অসম অভিমুখী স্ক’ৰ্পিঅ’ বাহনত দুৰ্বৃত্তৰ অগ্নিসংযােগ

নিউজ ডেস্ক। পশ্চিম কাৰ্বি-আংলঙৰ অসম-মেঘালয় সীমান্তত সংঘটিত হিংসাত্মক ঘটনাৰ পিছতে সতৰ্কতা অৱলম্বন কৰিছে দুই ৰাজ্যৰ আৰক্ষী-প্ৰশাসনে।

সাম্প্ৰতিক পৰিস্থিতিক লক্ষ্য কৰি অসমৰ পৰা মেঘালয়লৈ যাত্ৰা নকৰিবলৈ অসম আৰক্ষীয়ে সতৰ্কবাণী জাৰি কৰিছে।

G1 9
অশান্ত মেঘালয়ঃ শ্বিলঙত অসম অভিমুখী স্ক’ৰ্পিঅ’ বাহনত দুৰ্বৃত্তৰ অগ্নিসংযােগ 2

ইপিনে, মংগলবাৰে সন্ধিয়া শ্বিলঙৰ ঝালুপাৰা এলেকাত গুৱাহাটী-শ্বিলং পথত অসম অভিমুখী এখন স্ক’ৰ্পিঅ’ বাহনত দুৰ্বৃত্তই অগ্নিসংযােগ কৰে।

গাড়ীখনৰ পঞ্জীয়ন নম্বৰ AS-01DK-5958 বুলি জানিব পৰা গৈছে।

ঘটনাৰ খবৰ লাভ কৰি মেঘালয় আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লােক ঘটনাস্থলীত উপস্থিত হৈ গাড়ীখনৰ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও গাড়ীখন সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হয়।