অল কায়দাৰ সদস্য কাৰাবন্দী চিকিৎসকে ক’ভিড ৰােগীৰ চিকিৎসাৰ অনুমতি বিচাৰি জনালে আৱেদন

May 15, 2021 0 By NEWS DESK

নিউজ ডেস্ক। মহামাৰী কোৰোনাই সৃষ্টি কৰিছে এক ভয়ংকৰ পৰিস্থিতিৰ। তেনে অৱস্থাত সকলোৱে বিচাৰিছে আৰ্তজনক সহায় কৰিবলৈ। তেনে সময়তে পোহৰলৈ আহিছে এক অনন্য নিদৰ্শন।

তিহাৰ কাৰাগাৰত বন্দী হৈ থকা বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংগঠন অল কায়দাৰ সন্দেহজনক সদস্য তথা এজন চিকিৎসকে কাৰাগাৰৰ ভিতৰতেই ক’ভিড ৰোগীক চিকিৎসা সেৱা প্ৰদান কৰিবলৈ অনুমতি বিচাৰি আবেদন জনাইছে ন্যায়ালয়ত।

দিল্লী উচ্চ ন্যায়ালয়ত আবেদন জনায় চাবিল আহমেদ নামৰ কাৰাগাৰৰ বন্দী সদস্য তথা চিকিৎসকজনে। তেওঁৰ হৈ তেওঁৰ অধিবক্তা এম এচ খানে বুধবাৰে উচ্চ ন্যায়ালয়ৰ বিশেষ বিচাৰপতি ধৰ্মেন্দ্ৰ ৰাণাক অনুমতি বিচাৰি আবেদন পত্ৰ দাখিল কৰে।

তেওঁ আবেদন পত্ৰত উল্লেখ কৰে যে, কেন্দ্ৰীয় কাৰাগাৰখনত থকা কভিড ৰোগী সকলক সুস্থ কৰাৰ ক্ষেত্ৰত তেওঁৰ চিকিৎসা অভিজ্ঞতা তথা চিকিৎসা সেৱাই সহায় কৰিব। তেওঁৰ অধিবক্তা এম এচ খানে কাৰাগাৰ অধীক্ষকক তেওঁক চিকিৎসা সেৱা প্ৰদান কৰিবলৈ অনুমতি দিবলৈ অনুৰোধ কৰিছিল।

আবেদন পত্ৰত উল্লেখ কৰা অনুসৰি, চাবিল আহমেদৰ আছে এম বি বি এছ ডিগ্ৰী। তেওঁৰ লগতে আছে ৭ বছৰৰ চিকিৎসা সেৱা প্ৰদানৰ অভিজ্ঞতা।

উল্লেখ্য যে, অল কায়দা নামৰ সংগঠনটোৰ ভাৰত আৰু বিদেশত থকা সদস্যক টকা আৰু বিভিন্ন সামগ্ৰী যোগান ধৰি সহায় কৰাৰ অপৰাধত তেওঁক ২২ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰিছিল দিল্লী আৰক্ষীয়ে।

ইয়াৰোপৰি তেওঁ ২০০৭ চনৰ ৩০ জুনত ব্ৰিটেইনৰ গ্লাচগ’ বিমানবন্দৰ আত্মঘাতী উগ্ৰপন্থী আক্ৰমণৰ ঘটনাৰ বাবে অভিযুক্ত।

বেংগালুৰুত তেওঁৰ বিৰুদ্ধে থকা উগ্ৰপন্থী কাৰ্যকলাপৰ এটা গোচৰৰ ভিত্তিত চৌদি আৰৱৰ পৰা তেওঁক ২০২০ চনৰ ২০ আগষ্টত আটক কৰিছিল অনুসন্ধানকাৰী সংস্থা নিয়া(NIA)ৰ এক দলে। আৰু এই বছৰৰ ২২ ফেব্ৰুৱাৰীত তেওঁক বৰ্তমানৰ গোচৰৰ বাবে হস্তান্তৰ কৰা হৈছিল দিল্লীৰ বিশেষ আৰক্ষীৰ হাতলৈ।

লগতে চাওকঃ

টিংৰাইত গ্ৰেনেড নিক্ষেপ কৰা দুৰ্বৃত্তৰ সন্ধান দিওতাক আৰক্ষীয়ে দিব ২ লাখ টকা!