fbpx
অসমীয়াৰাষ্ট্ৰীয়

অলৌকিক! ভাৰতৰ এই গাঁওখনৰ প্ৰসূতিয়ে জন্ম দিয়ে যমজ সন্তান, ‘টুইনছ ভিলেজ’ হিচাপে পৰিচিত এখন গাঁও…

নিউজ ডেস্কঃ আপুনি কি ভাৱে ঈশ্বৰ আছে নে?

আপোনাৰ উত্তৰ যিয়েই নহওক, কিন্তু এয়া ঠিক যে এই পৃথিৱীত এনে বহু অলৌকিক ঘটনা ঘটি আহিছে যাৰ বিশ্লেষণ বিজ্ঞানেও কৰিবলৈ অসমৰ্থ।

তেনে এক অলৌকিক ঘটনাই যুগ যুগ ধৰি ঘটি আহিছে ভাৰতৰ এখন গাঁৱত।

‘যমজ গাঁও’ হিচাপেও পৰিচিত এই গাঁওখন আছে কেৰালাৰ মল্লপুৰম জিলাত।

image 17

প্ৰায় ২০০০ টা পৰিয়ালে বাস কৰা কৃষিপ্রধান গাঁওখনত আছে ভাৰতৰ সবাতোকৈ অধিক যমজ সন্তান।

শিক্ষা আৰু সাংস্কৃতিকভাৱে জাকত জিলিকা গাঁওখনৰ প্ৰকৃত নাম কোধিনী।

২০০৮ চনৰ এক প্ৰতিবেদন অনুসৰি, এই গাঁওখনত আছে ৪ শতাধিকৰো অধিক ভাতৃ-ভগ্নী।

image 18

গাঁওখনত প্ৰতিবছৰে জন্মলাভ কৰি শিশুসকলৰ মাজত ২০ৰ পৰা ২৫ শতাংশই যমজ সন্তান।

কিন্তু কোধিনী গাঁৱত যমজ সন্তান জন্মৰ হাৰ কিয় ইমান বেছি তাৰ কাৰণ উলিয়াব পৰা নাই নাই বিজ্ঞানেও।

প্ৰতিবেদন অনুসৰি, বিগত ৩টা প্ৰজন্মৰ পৰাই গাঁওখনত জন্ম পাই আহিছে যমজ সন্তান। লক্ষণীয়ভাৱে প্ৰত্যেক বছৰে যমজ সন্তান জন্মৰ হাৰ বৃদ্ধি পাই আহিছে।

২০০৮ চনত গাঁওখনত জন্ম পোৱা ৩০০টা শিশুৰ ভিতৰত আছিল ৩০টা যমজ সন্তান।

image 19

কিন্তু ২০১৯ চনত গাঁওখনৰ ২৭৬ গৰাকী প্ৰসূতিৰ ভিতৰত ৫৬ গৰাকীয়ে জন্ম দিয়ে যমজ সন্তান।

কোধিনী গাঁৱৰ যমজ সন্তান জন্মৰ হাৰৰ বাবে এতিয়া সমগ্ৰ ভাৰততে এই গাঁওখন পৰিচিত হৈ পৰিছে।

বহু গৱেষক-চিকিৎসকে এই গাঁওখনত বাহৰ পাতি ৰহস্য ফাদিলৰ চেষ্টা চলাই আহিছে।

কিন্তু এই গাঁওখনত কিয় যমজ সন্তান জন্মৰ হাৰ ইমান বেছি, সেয়া এতিয়াও ৰহস্য হৈয়ে আছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!