অযােধ্যাৰ ৰাম মন্দিৰৰ বাবে ‘ৰাৱণ’ৰ শ্ৰী’লংকা’ৰ পৰা ভাৰতলৈ আহিল এক বিশেষ শিলাখণ্ড!

March 19, 2021 0 By NEWS DESK

নিউজ ডেস্ক। উত্তৰ প্ৰদেশৰ অযােধ্যাৰ ৰাম জন্মভূমিত নিৰ্মাণ কৰা হৈছে বিশ্বৰ সৰ্ববৃহৎ ৰাম মন্দিৰ। পিছে এই ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্যত ব্যৱহাৰ হ’ব ৰামৰ সহধৰ্মিণী সীতাৰ সৈতে সম্পৰ্ক থকা এটা বিশেষ শিলাখণ্ড।

অযোধ্যাত নিৰ্মাণ হৈ থকা ৰাম মন্দিৰলৈ ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ শ্ৰীলংকাই স্থানীয় সীতা ইলিয়া মন্দিৰৰ পৰা ভাৰতলৈ প্ৰেৰণ কৰিলে ‘সীতা শিলাখণ্ড’।

জনবিশ্বাস অনুসৰি, এই ঐতিহাসিক মন্দিৰত ৰাৱণে সীতাক বন্দী কৰি ৰাখিছিল। সেই মন্দিৰটোৰ নামেই শ্ৰীলংকাত সীতা মন্দিৰ বুলি জনা যায়।

বৃহস্পতিবাৰে ভাৰত উচ্চায়ুক্তৰ হাতত অৰ্পন কৰে এই শিলাখণ্ড।

শ্ৰীলংকাৰ পৰা ভাৰত উচ্চায়ুক্তই এই শিলাখণ্ড লাভ কৰি টুইটাৰত জনায় যে, “ভাৰত-শ্ৰীলংকাৰ সম্পৰ্কক অধিক শক্তিশালী কৰিবৰ বাবেই শ্ৰীলংকাৰ সীতা মন্দিৰে এই শিলাখণ্ড প্ৰেৰণ কৰে। ময়ুৰাপত্থী অম্মান মন্দিৰত শ্ৰীলংকাৰ উচ্চায়ুক্তৰ দলে ভাৰতৰ উচ্চায়ুক্তৰ হাতত ইয়াক প্ৰদান কৰে।”

এই কাৰ্যই দুয়োখন ৰাষ্ট্ৰৰ সহযোগিতা আৰু পৰ্যটনৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা লব বুলি জানিবলৈ দিয়ে ভাৰত উচ্চায়ুক্তই।

উল্লেখ্য যে সীতা এলিয়া মন্দিৰ শ্ৰীলংকাৰ কলম্বোত অৱস্থিত।