অম্বুবাচী মেলা- কামাখ্যা ৰেল ষ্টেচনৰ পৰা ভক্তৰ বাবে বাছসেৱা আৰম্ভ…

এইবাৰ কামাখ্যা ধামত অনুষ্টুপীয়াকৈ উদযাপন কৰা হ’ব অম্বুবাচী মেলা’ ২০২২।

অহা ২২ জুনৰ পৰা ২৬ জুনলৈকে কামাখ্যা ধামত অনুষ্ঠিত হ’ব অম্বুবাচী মেলা।

অম্বুবাচী মেলা সঠিকভাৱে যাতে উদযাপন কৰিব পাৰি সেই লক্ষ্য আগত ৰাখি ইতিমধ্যে কামৰূপ মহানগৰ জিলা প্ৰশাসনে গ্ৰহণ কৰিছে কেইবাটাও পদক্ষেপ।

সমান্তৰাল ভাৱে অম্বুবাচী মেলা পৰিচালনা কমিটি আৰু মন্দিৰ পৰিচালনাৰ দায়িত্বত থকা বৰদেউৰী সমাজেও সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

তেনেদৰে নামনি কামাখ্যাৰ পৰা দিবাংগ আৰু বয়োজ্যেষ্ঠ ভক্তৰ বাহিৰে সকলোৱে তলৰ পৰা খোজ কাঢ়ি অহাযোৱা কৰিব লাগিব। দিবাংগ আৰু বয়োজ্যেষ্ঠ ভক্তৰ বাবে প্ৰশাসনে ফেৰী গাড়ীৰ ব্যৱস্থা কৰিছে।

আনহাতে বাহিৰৰ পৰা অহা ভক্তৰ বাবে অসম চৰকাৰৰ পৰ্যটন বিভাগে জিলা প্ৰশাসনৰ সহযোগত ফাঁচিবজাৰৰ পুৰণি জেল চৌহদ, কামাখ্যা ৰেল ষ্টেচন চৌহদ আৰু পাণ্ডু নদী বন্দৰ চৌহদত এটাকৈ মুঠ তিনিটা শিবিৰৰ ব্যৱস্থা কৰা হৈছে।

image 186
অম্বুবাচী মেলা- কামাখ্যা ৰেল ষ্টেচনৰ পৰা ভক্তৰ বাবে বাছসেৱা আৰম্ভ... 2

সেই তিনিওটা শিবিৰত প্ৰায় ৩০ হাজাৰ ভক্তই আশ্ৰয় লব পাৰিব। তেনেদৰে শিবিৰৰ পৰা নামনি কামাখ্যালৈ ২২ জুনৰ পৰা ২৬ জুনলৈ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বিশেষ বাছ সেৱা চলাচল কৰিব।

আজি কামাখ্যা ৰেল ষ্টেচন চৌহদত এই বিশেষ বাছ সেৱা উদ্ধোধন কৰে অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই।

এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হৰমিত সিং, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লব গোপাল ঝাঁ, অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক পদ্মপাণি বৰা, পৰিবহণ বিভাগৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাস, অসম ৰাজ্যিক পৰিবহণ নিগমৰ উপ মহা প্ৰৱন্ধক বিজু ডেকাকে ধৰি কেবাজনো উচ্চপদস্থ বিষয়া উপস্থিত থাকে।

উল্লেখযোগ্য যে এইবেলি তিনিওটা শিবিৰৰ পৰা কামাখ্যালৈ ভক্তক বিনামূলীয়াকৈ অনা নিয়া কৰাৰ বাবে পৰিবহণ নিগমৰ মুঠ ৮০ খন বাছ চলাচল কৰিব।

তেনেদৰে ফেৰী গাড়ী হিচাপে মন্দিৰৰ ওপৰলৈ চলাচল কৰিব নিগমৰ ৮ খন ইলেকট্ৰনিক বাছ।