অমিত শ্বাহৰ মন্তব্যৰ পিছতে পুনৰ CAAৰ বিৰুদ্ধে সৰৱ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, ক’লে এই কথা…

পুনৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সৰৱ হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাপ ভট্টাচাৰ্য।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শীঘ্ৰেই CAA বলৱৎ কৰিম বুলি কৰা মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, ‘CAA অসমত বলৱৎ হ’বলৈ দিয়া নহ’ব। উত্তৰ-পূব অবৈধ বাংলাদেশীৰ ডাষ্টবিন নহয়।’

লগতে তেওঁ কয়- ‘অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰিব লাগিব। কোনো এখন চৰকাৰে আজিলৈকে অসম চুক্তি ৰূপায়ন কৰিবলৈ সক্ষম নহ’ল।’

CAAক লৈ আমি নিজৰ স্থিতিত অটল থাকিম বুলি মন্তব্য কৰি সমুজ্জ্বল ভট্টাচাৰ্যই কয়, CAA কোনোকালেই অসমত বলৱৎ হ’বলৈ দিয়া নহ’ব। CAAৰ বিৰুদ্ধে সংগ্ৰাম চলি থাকিব।

Leave a Comment