ৰাষ্ট্ৰীয়অসমীয়া

অমিক্ৰন আতংকৰ মাজতে ৫ ৰাজ্যত নিৰ্বাচন! আজি চূড়ান্ত সিদ্ধান্ত ল’ব মুখ্য নিৰ্বাচন আয়োগে

নিউজ ডেস্ক। দেশত ক্ৰমাৎ বৃদ্ধি পাইছে অমিক্ৰন আতংক! এনে পৰিস্থিতি আগন্তুক ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচন স্থগিত ৰখাক লৈ জল্পনা কল্পনা চলিছে।

নিৰ্বাচন আয়োগে দেশৰ পুনৰ বৰ্ধিত কোৰোনা সংক্ৰমণক লৈ উদ্বেগ প্ৰকাশ কৰিছে। আনহাতে এই সন্দৰ্ভত সোমবাৰেই এক চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব দেশৰ মুখ্য নিৰ্বাচন আয়োগে।

খবৰ অনুসৰি, মুখ্য নিৰ্বাচন আয়োগৰ (ইচিআই) বিষয়াসকলে উত্তৰ প্ৰদেশ, পঞ্জাৱ, উত্তৰাখণ্ড, মণিপুৰ আৰু গোৱাৰ আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত নিশা ১১ বজাত এক বৈঠকত মিলিত হব।

কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণৰ লগতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ এজন জ্যেষ্ঠ বিষয়াও বৈঠকত উপস্থিত থাকিব। বৈঠকত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া পাঁচখন ৰাজ্যত কোৰোনা সংক্ৰমণৰ সাম্প্ৰতিক পৰিস্থিতি কেনেকুৱা সেই বিষয়ে আলোচনা কৰা হ’ব।

উল্লেখ্য যে, দেশত ৫০০ৰ ঘৰ অতিক্ৰম কৰিছে অমিক্ৰন আক্ৰান্ত ৰোগীৰ সংখ্যাই। কেৱল দেওবাৰৰ দিনটোতে ৭৭ জন লোক নতুনকৈ এই মহামাৰীত আক্ৰান্ত হয়।

আনহাতে অহা বছৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হবলগীয়া পঞ্জাৱ আৰু উত্তৰ প্ৰদেশত অমিক্ৰনৰ সংক্ৰমণ উদ্বেগজনক হৈ পৰিছে। এনে ক্ষেত্ৰত নিৰ্বাচন অনুষ্ঠিত কৰিলে পৰিস্থিতি অধিক ভয়াবহ হৈ পৰাৰ আশংকা অমূলক নহয়।

উল্লেখ্য যে, এলাহাবাদ উচ্চ ন্যায়ালয়ে ইতিমধ্যে কেন্দ্ৰীয় নিৰ্বাচন আয়োগক বিপদাশংকা পৰিহাৰ কৰিবলৈ উত্তৰ প্ৰদেশত নিৰ্বাচন অহা এক বা দুই মাহৰ বাবে স্থগিত ৰাখিবলৈ আবেদন জনাইছে। এলাহাবাদ উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় নিৰ্বাচন আয়োগক উত্তৰ প্ৰদেশত তাৎক্ষণিক ৰাজনৈতিক বৈঠক আৰু পদযাত্ৰা বন্ধ কৰিবলৈ আহ্বান জনাইছিল।

ফলস্বৰূপে, কেন্দ্ৰীয় নিৰ্বাচন আয়োগে কেন্দ্ৰীয় স্বাস্থ্য সচিব আৰু স্বাস্থ্য মন্ত্ৰালয়ৰ বিষয়াসকলক সাক্ষাৎ কৰি এই পৰিস্থিতিত নিৰ্ধাৰিত সময়ত পাঁচখন ৰাজ্যত ভোট দান কৰা উচিত নে নহয় বিবেচনা কৰিছে।

অৱশ্যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে অমিক্ৰন সংক্ৰমণ আৰু ইয়াৰ বিপদাশংকা আৰু মোকাবিলাৰ ব্যৱস্থা সন্দৰ্ভত স্বাস্থ্য বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। সেই বৈঠকৰ পিছত, কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে নিৰ্দেশ দিছে যে আগন্তুক নিৰ্বাচন-সম্ভাৱ্য ৰাজ্যসমূহত, বিশেষকৈ যিবোৰ জিলাত টিকাকৰণৰ হাৰ অতি কম, সেইবোৰত টিকাকৰণৰ হাৰ দ্ৰুত গতিত বৃদ্ধি কৰা হ’ব।

ইফালে উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ “উদ্বেগজনক” পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ এটা কেন্দ্ৰীয় প্ৰতিনিধি দল প্ৰেৰণ কৰা হৈছে আৰু দলটোৱে প্ৰতিদিনে ৰাজ্যখনৰ সামগ্ৰিক পৰিস্থিতিৰ প্ৰতিবেদন গ্ৰহণ কৰি আছে।

কেন্দ্ৰীয় প্ৰতিনিধি দলৰ সদস্যসকলে কোৰোনা পৰীক্ষা, জিনম ক্ৰমলৈ নমুনা প্ৰেৰণ, অমিক্ৰন সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে তেনে ৰোগীৰ সংস্পৰ্শলৈ অহা লোকসকলৰ বাবে কোৰোনা নিয়ম আৰু টিকাকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

Related Articles

Leave a Reply

Back to top button