অমানৱীয়! এঘৰীয়া কৰা লোকৰ ঘৰত ন খাৱলৈ যোৱাৰ বাবেই শেষকৃত্য কৰিবলৈ উপস্থিত নহ’ল স্থানীয় ৰাইজ…

ৰাজ্যত পুনৰ সংঘটিত হৈছে এক অমানৱীয় ঘটনা।

এঘৰীয়া কৰা লোকৰ ঘৰত ন খাৱলৈ যোৱাৰ বাবেই শেষকৃত্য কৰিবলৈ উপস্থিত নহ’ল স্থানীয় ৰাইজ।

জানিব পৰা মতে, তেজপুৰ বিহগুৰিৰ কমাৰ চুবুৰী নাথ ৰাইজে এঘৰীয়া কৰা লোকৰ ঘৰত নিমন্ত্ৰণ ৰক্ষা কৰি ন খাৱলৈ গৈছিল ভোগেশ্বৰ নাথৰ পৰিয়ালে।

যাৰ বাবে ভোগেশ্বৰ নাথৰ শেষকৃত্য কৰিবলৈ স্থানীয় ৰাইজ নোহোৱাৰ অভিযোগ উত্থাপন হৈছে।

আনকি ভোগেশ্বৰ নাথৰ মৃতদেহটো শ্মশান লৈ নিবলৈও উপস্থিত নহল স্থানীয় ৰাইজ।

নিদিষ্ট দুজনমানৰ বাহিৰে আন গাঁওৰ পৰা অহা লোকৰ দ্বাৰাহে বিয়লি অন্তেষ্টিক্রিয়া সম্পন্ন কৰা হয় মৃত ভোগেশ্বৰ নাথৰ।

পৰিয়ালৰ একমাত্ৰ মহিলা গৰাকীয়ে সামাজিক মাধ্যম যোগে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সহায় বিচাৰিছিল।

পিছত আন গাঁওৰ পৰা অহা লোকৰ দ্বাৰা অন্তেষ্টিক্ৰীয়া সম্পন্ন কৰা হয় ।

অৱশ্যে পাছলৈ এই অভিযোগ নস্যাৎ কৰিছে স্থানীয় ৰাইজে।