fbpx
অসম

অভি-নীলক মনত আছেনে? আজি অভি-নীল হত্যাকণ্ডৰ চাৰি বছৰ সম্পূৰ্ণ, ন্যায়ৰ অপেক্ষাত পৰিয়াল…

ৰাজ্য কপোঁৱা অভি-নীল হত্যাকাণ্ডই আজি সম্পূৰ্ণ কৰিছে চাৰিটা বছৰ।

২০১৮ চনৰ আজিৰ দিনটোতেই সংঘটিত হৈছিল ৰাজ্য জোকাৰি যোৱা অভি-নীল হত্যা কাণ্ড।

কাৰ্বি আংলঙৰ ডকমকাত সংঘটিত হৈছিল মানৱ জাতিক লজ্জিত কৰা এনে বৰ্বৰ ঘটনা।

একাংশৰ জিঘাংসাৰ বলি হৈ কৰুণ মৃত্যুক আকোৱালি ল’ব লগা হৈছিল অভিজিৎ নাথ আৰু নিলোৎপল দাস নামৰ দুই যুৱকক।

উল্লেখ্য যে, ইতিমধ্যেই আৰক্ষীয়ে এই হত্যাকাণ্ডৰ লগত জড়িত ৪৭ জনক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল আৰক্ষীয়ে।

ইয়াৰে এজন অভিযুক্ত কিশোৰ হোৱাৰ বাবে শিশু নিৰিক্ষণ কক্ষত ৰখা হৈছে।

নগাঁৱৰ সত্ৰ ন্যায়াধীশৰ আদালতত চলি আছে নীল–অভি হত্যাকাণ্ডৰ বিচাৰৰ প্ৰক্ৰিয়া।

কিন্তু অভি-নীল হত্যাকাণ্ডৰ চাৰি বছৰ সম্পূৰ্ণ হলেও আজি পৰ্যন্ত অভি-নীলৰ পৰিয়ালে নাপালে উচিত ন্যায়।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!