অভিলেখ! মাত্ৰ ৫ দিনতে BRO ই নিৰ্মাণ কৰি উলিয়ালে গুৱাহাটী-শ্বিলং সংযোগী পথৰ নতুন দলং

March 20, 2021 0 By NEWS DESK

নিউজ ডেস্ক। প্ৰযুক্তিৰ দ্ৰুত বিকাশে যেন সকলোৱেই সম্ভৱ কৰি তুলিছে। তাকে প্ৰমাণ কৰি দেখুৱালে সীমান্ত পথ নিৰ্মাণ সংস্থা (Border Road Organisation) ই।

মাত্ৰ ৫ দিনত নিৰ্মাণ সম্পূৰ্ণ কৰিলে ২৩০ ফুট দৈৰ্ঘ্যৰ গুৱাহাটী-শ্বিলং সংযোগী পথৰ ওপৰত এখন দলং।

এই সন্দৰ্ভত ভাৰতীয় সেনাই টুইটাৰত প্ৰকাশ কৰে যে যোৱা ১১ মাৰ্চত কাম আৰম্ভ কৰা দলংখনৰ কাম ১৫ মাৰ্চত শেষ হয়। সীমান্ত পথ নিৰ্মাণ সংস্থাৰ এই কাৰ্য প্ৰশংসনীয়।

উল্লেখ্য যে ৪০ নং শ্বিলং-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বৰাপানীত থকা পকী দলংখনৰ অৱস্থা শোচনীয় হোৱাৰ বাবে এই দলং নিৰ্মাণ কৰিবলগীয়া হয়। যিখন দলঙেৰে উমিয়াম হৈ শ্বিলংলৈ যাত্রা কৰা হয়।

সেয়েহে যোৱা বৰ্ষৰ ৩ ডিচেম্বৰত ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই সীমান্ত পথ নিৰ্মাণ সংস্থাক বৰাপানীত এখন দলং নিৰ্মাণ কৰিবলৈ অনুৰোধ কৰে। যিহেতু এখন নতুন দলং নিৰ্মাণ কৰিবলৈ হলে কমেও তিনি বছৰ সময় লাগিব।

সেই অনুসৰি মানৱীয়তাৰ খাতিৰত ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষক দ্ৰুতগতিত এখন বিকল্প দলং নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে সীমান্ত পথ নিৰ্মাণ সংস্থাৰ সঞ্চালক প্ৰধান ৰাজীৱ চৌধুৰীয়ে।

যোৱা ৩১ জানুৱাৰী ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষ, মেঘালয় গড়কাপ্তানি বিভাগ আৰু সীমান্ত পথ নিৰ্মাণ সংস্থাৰ এটা দলে দলং নিৰ্মাণৰ স্থান পৰ্যবেক্ষণ কৰি ২৩০ ফুট দৈৰ্ঘ্যৰ এখন দলং নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে আৰু সেই অনুসৰি যোৱা ১১ মাৰ্চত কাম আৰম্ভ কৰি ১৫ মাৰ্চত সেই বেইলী দলঙৰ কাম শেষ কৰে সীমান্ত পথ নিৰ্মাণ সংস্থাই।