অভিলেখ! দেশত এদিনতে ১ কোটিতকৈ অধিক লোকে ল’লে ক’ভিড ভেকচিন, অসমত কিমান চাওক…

শুকুৰবাৰে দেশে গঢ়িলে এক নতুন অভিলেখ।

শুকুৰবাৰৰ দিনটোত দেশত ১ কোটিতকৈ অধিক লোকক প্ৰদান কৰা হয় Covid-19ৰ ভেকচিন।

৭ আগষ্ট তাৰিখে সমগ্ৰ দেশতে ১,০০,৬৪,০৩২জন লোকক ভেকচিন প্ৰদান কৰা হয়।

এটা দিনত প্ৰথমবাৰলৈ ভেকচিন লোৱা লোকৰ সংখ্যাই এক কোটিৰ পৰিসংখ্যা পাৰ কৰিছে।

যি কাৰ্য সম্পন্ন হোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সুখ ব্যক্ত কৰিছে।

উল্লেখ্য যে, এই এক কোটিত অসমৰ অৱদান আঢ়ৈ লাখ।

15e13dd7 d5d7 49e3 9d31 4e4ddef2bfee

আনহাতে সৰ্বাধিক ভেকচিন প্ৰদান কৰা হয় উত্তৰ প্ৰদেশত।

দেশৰ সৰ্ববৃহৎ ৰাজ্যখনত শুকুৰবাৰে ২৮ লাখ লোকক ভেকচিন দিয়া হয়।

অর্থাৎ ২৭ আগষ্টৰ দিনটোত অসমত ২,৫০,৬৮১ জনক Covid-19ৰ ভেকচিন প্ৰদান কৰা হয়।

ইয়াৰ পূৰ্বে ভাৰতে ১৭ আগষ্টৰ দিনটোত সৰ্বাধিক ভেকচিন প্ৰদান কৰিছিল।

সেই দিনটোত সমগ্ৰ ভাৰতবৰ্ষত মুঠ ৪৪ লাখৰ ওপৰ লোকক ক’ৰণাৰ ভেকচিন প্ৰদান কৰা হৈছিল।

Leave a Comment