নিউজ ডেস্কঃ মন্ত্ৰীৰ ওচৰত অভিযোগ কৰিবলৈ যোৱা মহিলাৰ গালতে পৰিল মন্ত্ৰীৰ চৰ! কিন্তু তাৰ পিছতো মন্ত্ৰীৰ চৰণ চুই আশীৰ্বাদ ল’লে মহিলাগৰাকীয়ে।
এই ঘটনা সংঘটিত হৈছে কৰ্ণাটকত। ভূমি পট্টা লাভ কৰাৰ বিষয়ে অভিযোগ দিবলৈ যোৱা এগৰাকী মহিলাৰ গালত চৰ শোধায় ৰাজ্যখনৰ বিজেপি মন্ত্ৰী ভি সোমান্নাই।
এই ঘটনাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে মন্ত্ৰীগৰাকীৰ আচৰণক লৈ সৃষ্টি হৈছে বিতৰ্কৰ।
কিন্তু আশ্বৰ্যজনকভাৱে মন্ত্ৰীৰ চৰ খাইও তেওঁৰ ভৰি চুই আশীৰ্বাদ লয় মহিলাগৰাকীয়ে।
জানিব পৰা মতে, পিছত মন্ত্ৰীজনে নিজে কৰা আচৰণৰ বাবে ক্ষমাও খোজে।
দৰাচলতে কৰ্ণাটকৰ চামৰাজ নগৰ জিলাৰ অন্তৰ্গত হাঙলা গাঁৱত আন্তঃগাঁথনি উন্নয়ন মন্ত্ৰী ভি সোমান্নাই ভূমি পট্টা প্ৰদান কৰি আছিল।
বিয়লি ৩:৩০ বজাত তেওঁ এই অনুষ্ঠানত উপস্থিত হোৱাৰ কথা আছিল যদিও প্ৰায় ২ ঘণ্টা পলমকৈ তেওঁ অনুষ্ঠানত উপস্থিত হয়।
মন্ত্ৰীজন উপস্থিত হোৱাৰ পিছতে এগৰাকী মহিলা তেওঁৰ কাষলৈ আহে ভূমি পট্টাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ কৰিবলৈ।
কিন্তু সেই সময়ত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি মন্ত্ৰী সোমান্নাই আত্মসংযম হেৰুৱাই মহিলাগৰাকীৰ গালত এটা চৰ শোধায়।
Karnataka BJP Minister V Somanna slaps a woman who had come to tell her grievances. pic.twitter.com/Zsla3AAXAW
— Mohammed Zubair (@zoo_bear) October 23, 2022
আৰু চৰ মৰাৰ পিছত মহিলাগৰাকীয়ে তেওঁৰ ভৰিত পৰি ক্ষমা বিচাৰে।
পৰৱৰ্তী সময়ত মহিলাগৰাকীয়ে জনোৱা মতে, অনুষ্ঠানটোত ১৭৫ জন লোকক ভূমি পট্টা প্ৰদান কৰা হৈছিল। কিন্তু মহিলাগৰাকীয়ে দাবী কৰে যে তেওঁ ৰাজহ বিভাগৰ পৰাও প্লট লাভ কৰাৰ কথা।
তেওঁ এই বিষয়ে অভিযোগ কৰিবলৈ যাওতেই সংঘটিত এই ঘটনা।
উল্লেখ্য যে, কৰ্ণাটকত বিজেপিৰ নেতা-মন্ত্ৰীৰ ধৈৰ্য্য হেৰুৱাৰ ঘটনা এয়াই একমাত্ৰ নহয়।
বিগত বৰ্ষৰ ডিচেম্বৰ মাহত আইন মন্ত্ৰী জে চি মধুস্বামীয়ে এক অনুষ্ঠানৰ সময়ত এগৰাকী মহিলা কৃষকক প্ৰহাৰ কৰা দেখা গৈছিল।
ইয়াৰ পূৰ্বে ছেপ্টেম্বৰ মাহত কৰ্ণাটকৰ বিধায়ক অৰবিন্দ লিম্বাৱলীয়ে এগৰাকী মহিলাক ভাবুকি দি বিতৰ্কৰ সৃষ্টি কৰিছিল।