অসম

অভিযুক্তক মাৰপিট আৰু ধন দাবীৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল এইগৰাকী আৰক্ষী বিষয়া…

অভিযুক্তক মাৰপিট আৰু ধন দাবীৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল এগৰাকী আৰক্ষী বিষয়া।

অভিযুক্তক গুৰুলা গুৰুলকৈ প্ৰহাৰ আৰু ধনদাবী কৰালৈ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ হুছেইনক গ্ৰেপ্তাৰ।

মাটি বাৰী সংক্ৰান্তীয় এক গোচৰত অভিয়ুক্তক ধৰি আনি নিৰ্মম প্ৰহাৰ কৰিছিল এই আৰক্ষী বিষয়া জনে।

নগাওঁ জিলা আৰক্ষী অধীক্ষকৰ নিৰ্দেশত গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষী বিষয়াজনক।

মাটি-বাৰীৰ গোচৰত বাবুল আলী নামৰ এগৰাকী ব্যক্তিৰ পৰা উৎকোচ বিচাৰি গ্ৰেপ্তাৰ হোৱা হাইদৰ হুছেইনক জেৰা অব্যাহত ৰাখিছে ৰূপহীহাট আৰক্ষীয়ে।

উল্লেখ্য যে, বাবুল আলীৰ অভিযোগৰ ভিত্তিতে ইয়াৰ পূৰ্বে ৰিজাৰ্ভ ক্ল’জ কৰা হৈছিল হাইদৰ হুছেইনক।

মাত্ৰ এমাহ পূৰ্বে নগাঁও আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাক দুৰ্নীতিৰ অভিযোগত মাজুলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত এইবাৰ পুনৰ নগাঁও আৰক্ষীৰ আন এগৰাকী আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Related Articles

Back to top button