fbpx
অসম

অভিভাৱকহীন হ’ল মধুপুৰ সত্ৰ! সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ ইহলীলা সম্বৰণ…

বৈষ্ণৱ সমাজৰ মহাতীর্থ ভূমি তথা শংকৰ-মাধৱ দুয়োজনা গুৰুৰ মহাপ্রয়াণস্থলী মধুপুৰ সত্ৰ আজি হৈ পৰিল অভিভাৱকহীন।

দীর্ঘদিনৰ পৰা জটিল ৰোগত ভুগি থকা সত্ৰ খনৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্ত আৰু নাই।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৫ বছৰ।

তেওঁৰ মৃত্যুৰ বাতৰিত নামনি অসমৰ লগতে পশ্চিমবংগৰ ভকত বৈষ্ণৱ সমাজত গভীৰ শোকৰ ছাঁ পৰিছে।

লক্ষ্মীকান্ত মহন্তৰ জন্ম হৈছিল নগাঁও জিলাৰ ননো পাৰি গাঁৱত। কর্মসূত্রে তেওঁ আছিল নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ এগৰাকী কৰ্মচাৰী। তেওঁ পূৰ্বৰে পৰা নিজৰ চাকৰিত কৈ বৈষ্ণৱ ধৰ্মৰ প্ৰতি বেছি আকৃষ্ট আছিল। ২০০১ চনত তেওঁ মধুপুৰ সত্ৰত নিৰ্মালি গ্ৰহণ কৰি ডেকা সত্ৰাধিকাৰৰ দায়িত্ব পালন কৰিছিল। কেইবছৰমান পিছত তেওঁ স্ব ইচ্ছাই নিজ চাকৰিৰ পৰা অব্যাহতি লয়।

২০১০ চনত তদানীন্তন সত্ৰৰ সত্ৰাধিকাৰ ফটিক চন্দ্ৰ দেৱৰ দেহাৱসান হোৱাত ঐতিহ্যময় মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ হিচাপে তেওঁক স্থলাভিষিক্ত কৰা হয়।

কাৰ্যভাৰ লোৱাৰ পিছৰে পৰা তেওঁ চৰম সমস্যাৰ সন্মুখীন হৈছিল যদিও সত্ৰখন সুচাৰুৰূপে চলাবলৈ মৃত্যুৰ পূৰ্বলৈ তেওঁ অহোপুৰুষাৰ্থ চেষ্টা চলাই আছিল।

২০১৬ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ বৃক্কৰ ৰোগত আক্রান্ত হয়। চৰকাৰী ভাবে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা প্ৰদান কৰা হয়।

পিছত নিয়মীয়া ভাবে কোচবিহাৰৰ ডাঃ পি. কে. সাহা হাস্পাতালত বৃক্কৰ চিকিৎসা তথা ডায়েলাইছিছ কৰি আছিল। সাত বছৰ ধৰি তেওঁ জটিল বৃক্কৰ ৰোগত ভুগি আছিল।

অৱশেষত সত্ৰাধিকাৰ গৰাকীয়ে ইহলীলা সম্বৰণ কৰে।

তেওঁৰ মৃত্যু সত্ৰখনৰ বাবে অপুৰণীয় ক্ষতি বুলি গণ্য কৰা হৈছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!