অভিনৱ ব্যৱসায়! প্ৰচণ্ড জাৰত মাত্ৰ ১০ টকাৰ বিনিময়ত ভক্তৰ হৈ হিমশীতল পানীত পবিত্ৰ স্নান কৰিবলৈ সাজু এজন যুৱক, ভাইৰেল ভিডিঅ’…

নিউজ ডেস্কঃ হাড় কঁপোৱা জাৰে এতিয়া বেঢ়িছে চৌদিশ।

এনেহেন জাৰৰ দিনত মানুহে ঘৰৰ পৰা ওলাবই নিবিচাৰে। তাতে যদি ঠাণ্ডা পানী হাতেৰে চুব লগীয়া হয়, তেন্তে সেয়া নৰকৰ দুৱাৰদলিৰ পৰা উভতি অহাৰ দৰে কথা।

ইয়াৰেই যেন সুযোগ লৈ এজন ব্যক্তিয়ে আৰম্ভ কৰিছে এক অভিনৱ ব্যৱসায়। যাৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

আশুতোষ শুক্লা নামৰ এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰা ভিডিঅ’টোত পানীৰ মাজৰ লোহাৰ ৰেলিঙত উদং গাৰে বহি থকা দেখা গৈছে এজন ব্যক্তিক।

ব্যক্তিজনে ব্যৱসায়িক ভংগীমাৰে চিঞৰিছে- ‘ভাই-ভনীসকল আহক… আপোনাৰ হৈ মই এই ঠাণ্ডা পানীত পবিত্ৰ স্নান কৰিম। মাত্ৰ ১০ টকাৰ বিনিময়ত…।’’

ব্যক্তিজনে লগতে চিঞৰিছে- পূণ্য আপোনালোকে অৰ্জন কৰক। মোক মাথো ১০ টকা দিয়ক।

এই ভিডিঅ’টো উত্তৰ প্ৰদেশৰ গংগাৰ ঘাটৰ বুলি অনুমান কৰা হৈছে।

মাত্ৰ ১০ টকাৰ বিনিময়ত হিমশীতল পানীত ভক্তৰ হৈ পবিত্ৰ স্নান কৰা এই ব্যক্তিজনৰ ভিডিঅ’ই এতিয়া একপ্ৰকাৰ চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত।

ইতিমধ্যে বহু নেট ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো শ্বেয়াৰ কৰি বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।