অভিনৱ প্ৰতিবাদ! গাঁতৰ ভিতৰত সোমাই আৰক্ষী-প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত মহিলাৰ…

প্ৰতিবাদ হয়তো আপুনি বহুত দেখিছে, কিন্তু এইবাৰ এক অভিনৱ প্ৰতিবাদ কৰিছে এগৰাকী মহিলাই।

বেনাৰ, পোষ্টাৰ আদি লৈ নহয়,  মাটিত গাঁত খান্দি সেই গাঁতত সোমাই ডিঙি লৈকে মাটিৰে আগুৰি লৈ প্ৰতিবাদ কৰে এগৰাকী মহিলাই।

আৰক্ষী আৰু প্ৰশাসনৰ বিৰুদ্ধে এই অদ্ভুত প্ৰতিবাদ সাব্যস্ত কৰে উত্তৰ প্ৰদেশৰ আগ্ৰা থানাৰ চিকন্দৰা ক্ষেত্ৰৰ এগৰাকী মহিলা।

নিজৰ মাটি ৰক্ষা কৰিবৰ বাবেই এইদৰে প্ৰতিবাদত বহে মহিলাগৰাকীয়ে।

ঘটনা সন্দৰ্ভত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বহুত বুজনি দিয়ে যদিও সৈমান নহয় মহিলা গৰাকী।

কিয়নো মহিলাগৰাকীৰ অভিযোগ গাঁৱত থকা মাটি কোনো লোকে নিজৰ দখলত কৰি বহি আছে। বহুবাৰ আৰক্ষীৰ সহায় বিচাৰিয়ো বিফল হৈছে। তদন্তৰ নামত কোনো লোককো আনকি সোধপোচ নকৰা বুলি অভিযোগ।

সেয়ে আৰক্ষীৰ বিৰুদ্ধেই এই প্ৰতিবাদ মহিলাৰ।

শেষত আৰক্ষীয়ে মীমাংসাৰ সলনি সকলো মাটি দখলকাৰীৰ পৰা উভতাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়াত হে মাটিৰ পৰা উঠি আহে মহিলাগৰাকী।

Leave a Comment