অভিনেত্ৰী সোনম কাপুৰৰ ঘৰত চুৰি! আলমিৰা ভাঙি লুটি লৈ গ’ল ১.৪১ কোটি টকাৰ গহনা, নগদ ধন

নিউজ ডেস্ক। চুৰি হ’ল অভিনেত্ৰী সোণম কাপুৰৰ ঘৰত।

আলমিৰা ভাঙি চোৰে লুটি লৈ গ’ল প্ৰায় ডেৰ কোটি টকা মূল্যৰ গহণা আৰু নগদ ধন। ইতিমধ্যে এই চুৰি কাণ্ড সন্দৰ্ভত অভিনেত্ৰীগৰাকীৰ আইতা শাহুৱে তুঘলক ৰোড আৰক্ষী থানাত দাখিল কৰিছে এখন এজাহাৰ।

G3 8
অভিনেত্ৰী সোনম কাপুৰৰ ঘৰত চুৰি! আলমিৰা ভাঙি লুটি লৈ গ’ল ১.৪১ কোটি টকাৰ গহনা, নগদ ধন 2

বাতৰি অনুসৰি কেইবাদিনো পূৰ্বে সংঘটিত হৈছে এই চুৰি কাণ্ড।

যোৱা ২৩ ফেব্ৰুৱাৰীতে সোণম কাপুৰৰ আইতা শাহু সৰলা আহুৱাই এই চুৰিকাণ্ড সন্দৰ্ভত অভিযোগ দাখিল কৰিছিল আৰক্ষীৰ ওচৰত। কিন্তু তদন্তৰ খাতিৰত এই হাইপ্ৰফাইল চুৰি কাণ্ডৰ বিষয়ে লুকুৱাই ৰাখিছিল আৰক্ষীয়ে।

সূত্ৰ অনুসৰি, যিটো ঘৰত চুৰি কাণ্ড সংঘটিত হৈছে, সেই ঘৰটোত বাস কৰে সোণমৰ আইতা শাহু সৰলা আহুজাৰ লগতে তেওঁৰ পুত্ৰ হৰিশ আহুজা আৰু বোৱাৰী প্ৰিয়া আহুজা।

অভিযোগ অনুসৰি, চোৰে আলমিৰা ভাঙি ১.৪০ কোটি টকাৰ গহনা আৰু ১ লাখ টকাৰ নগদ ধন চুৰি কৰিছে।

এই হাইপ্ৰফাইল চুৰি কাণ্ডৰ তদন্তৰ বাবে ইতিমধ্যে আৰক্ষীয়ে কেইবাটাও দল গঠন কৰি দিছে।

ঘৰটোত কাম কৰা ৩৫ জন পৰিচাৰকক সোধা-পোছা চলাই থকা হৈছে। ইয়াৰোপৰিও অপৰাধ শাখাৰ দলৰ লগতে এফএছএলৰ এটা দলে চুৰি কাৰ্যৰ প্ৰমাণ সংগ্ৰহত ব্যস্ত হৈ আছে।

ইফালে, দেশৰ প্ৰতিষ্ঠিত ব্যৱসায়ী সকলৰ ভিতৰত এগৰাকী সৰলা আহুজাৰ ঘৰত এই চুৰিকাণ্ডৰ বিষয়ে পোহৰলৈ অহাৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়াও চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই।

Leave a Comment