অভিনেত্ৰী, দূৰদৰ্শনৰ জনপ্ৰিয় এংকৰ কানু প্ৰিয়াৰ কোৰোনাত মৃত্যু

May 1, 2021 0 By NEWS DESK

নিউজ ডেস্ক। যোৱা কিছুদিনত বহুতো মূল্যৱান মানৱ সম্পদ নাইকীয়া কৰিছে মহামাৰী কভিড-১৯ এ। এইবাৰ পুনৰ দূৰদৰ্শন জগত আৰু সংবাদ মাধ্যমৰ জগতৰ বাবে এক অতি দুখবৰ।

শুকুৰবাৰে অভিনেত্ৰী তথা দূৰদৰ্শনৰ অনুষ্ঠান ব্ৰহ্মকুমাৰীজৰ এংকৰ কানু প্ৰিয়াৰ কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হয়।

এই কথা জানিবলৈ দিয়ে ব্ৰহ্মকুমাৰীৰ প্ৰধান তথা আধ্যাত্মিক গুৰু বি কে শিৱানীয়ে।

কানু প্ৰিয়াৰ এখন ফটো টুইটাৰত শ্বেয়াৰ কৰি তেওঁ লিখে- “ওম শান্তি। যোৱা ৰাতি সবাতোকৈ ধুনীয়া পৰী চিষ্টাৰ কানু প্ৰিয়াৰ মৃত্যু হয়। তেওঁ পৃথিৱীক দিলে বিদায়। আহক আমি সকলোৱে তেওঁৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰো।”

জানিব পৰা মতে, কোৰোনাত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হৈ থকা অৱস্থাত ক্ৰমাগত ভাৱে হৈ থকা জ্বৰ আৰু হ্ৰাস পোৱা অক্সিজেনৰ মাত্ৰাৰ বাবে চিষ্টাৰ কানু প্ৰিয়াৰ অৱস্থা শোচনীয় হৈ পৰে।

চিষ্টাৰ কানু প্ৰিয়াই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল দূৰদৰ্শনৰ এংকৰ হিচাপে। তেওঁ থিয়েটাৰটো অভিনয় কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ “Awakening with Brahma Kumari’s” শীৰ্ষক দূৰদৰ্শনৰ অনুষ্ঠানৰ এংকৰ হৈছিল।

তেওঁ দূৰদৰ্শনৰ কৰ্মভূমি নামৰ অনুষ্ঠানটোৰো এংকৰ আছিল। এই অনুষ্ঠানৰ উদ্দেশ্যে আছিল যুৱ নেতৃত্বক শক্তিশালী কৰা তথা যুৱ নেতৃত্ব সৃষ্টি কৰা। তেওঁ নাৰীবাদ আৰু যুৱ শক্তিৰ মানসিক শক্তি বৃদ্ধি কৰাটো পদক্ষেপ লৈছিল।

কানু প্ৰিয়াই ৮০ খনতকৈয়ো অধিক ধাৰাবাহিক আৰু প্ৰায় ৫০ খন টেলিফিল্মত অভিনয় কৰিছিল। সেই সমূহৰ ভিতৰত তেছো কে ফুল, কৰ্তব্য, কহি এক গাওঁ, মেৰী কহানী, তুমহাৰা ইন্তেজাম হ্যে, অব অৰ নেহী, সুৰ সংগম ইত্যাদি অন্যতম।