অসমীয়াঅসম

অভিধানত নাই ‘এনকাউণ্টাৰ’ শব্দ! বিধানসভাত এনকাউণ্টাৰক লৈ সৃষ্টি হোৱা বিতৰ্কক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

নিউজ ডেস্কঃ অভিধানত নাই এনকাউণ্টাৰ বুলি কোনো শব্দ!

অসম বিধানসভাৰ শীতকালীন অধিৱেশনত সদনত এনকাউণ্টাৰক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে এইবাৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

এনকাউণ্টাৰ বোলা কোনো শব্দই নাই বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীয়ে কয়, ‘এনকাউণ্টাৰৰ অসমীয়া কি? হত্যা থাকিব পাৰে, সংঘৰ্ষ থাকিব পাৰে। কিন্তু এনকাউণ্টাৰ বুলি কোনো ধাৰাই নাই। তেন্তে মই ক’ৰ পৰা নতুনকৈ এটা ধাৰা উলিয়াম?’

উল্লেখ্য যে, ৰাজ্যত সংঘটিত হৈ থকা এনকাউণ্টাৰৰ তথ্য বিধানসভাত বিচাৰিছিল বিৰোধীয়ে।

বিৰোধীৰ এই প্ৰশ্নৰ লিখিত উত্তৰ দি মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰা মতে, বিগত ৩ বছৰত অসমত এটাও এনকাউণ্টাৰৰ ঘটনা সংঘটিত হোৱা নাই।

চৰকাৰৰ এই তথ্যৰ পিছতে সদনত তীব্ৰ হুলস্থূলৰ সৃষ্টি কৰে বিৰোধীয়ে।

বিৰোধী বিধায়কসকলে চৰকাৰৰ এই তথ্য ভুল বুলি দাবী কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰাৰ পিছতে এনকাউণ্টাৰক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

অৱশ্যে অভিধানত এনকাউণ্টাৰৰ কোনো অৰ্থ নাই বুলি মুখ্যমন্ত্ৰীয়ে দাবী কৰিলেও সেই দাবী আচলতে জনতাক মুৰ্খ সজাবলৈহে।

Related Articles

Back to top button