অভিজ্ঞ চিকিৎসক ডাঃ পান্নালালে কৰিব ৰেগিঙৰ বলি হোৱা আনন্দ শৰ্মাৰ অস্ত্ৰোপচাৰঃ মুখ্যমন্ত্ৰী…

খানাপাৰাত অনুষ্ঠিত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক স্কুটী প্ৰদানৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া ভাষণত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ প্ৰসংগই স্থান লাভ কৰে।

মুখ্যমন্ত্ৰীয়ে ৰেগিঙৰ বলি হোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ আনন্দ শৰ্মাৰ চিকিৎসা ডিব্ৰুগড়তে কৰা হ’ব বুলি উল্লেখ কৰে।

তেওঁ লগতে ছাত্ৰগৰাকীৰ অস্ত্ৰোপচাৰ অভিজ্ঞ চিকিৎসক ডাঃ পান্নালালে কৰিব বুলিও সদৰি কৰে।

image 214
অভিজ্ঞ চিকিৎসক ডাঃ পান্নালালে কৰিব ৰেগিঙৰ বলি হোৱা আনন্দ শৰ্মাৰ অস্ত্ৰোপচাৰঃ মুখ্যমন্ত্ৰী... 2

বৰ্তমান ডিব্ৰুগড়ৰ আদিত্য চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আমগুৰি নিবাসী ভুক্তভোগী ছাত্ৰ আনন্দ শৰ্মা।

উল্লেখ্য যে, ৰেগিং গোচৰত জড়িত থকাৰ অভিযোগত ইতিমধ্যেই বিশ্ববিদ্যালয়খনৰ মুঠ ২২ গৰাকী শিক্ষাৰ্থীক বহিষ্কাৰ কৰা হৈছে।