অভয়াৰণ্যৰ পাৰ্শ্বৱৰ্তী গাঁৱত বিদ্যুৎস্পৃষ্ট হৈ বাঘৰ মৃত্যু, তদন্ত ঘােষণা বন বিভাগৰ

অভয়াৰণ্যৰ পাৰ্শ্বৱৰ্তী গাঁৱত বিদ্যুৎস্পৃষ্ট হৈ বাঘৰ মৃত্যু, তদন্ত ঘােষণা বন বিভাগৰ

March 2, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক শোকৱহ ঘটনা। বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হ’ল এটা প্ৰাপ্তবয়স্ক বাঘৰ।

এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ দক্ষিণ খেৰী বন সংমণ্ডলৰ মহামদ্দী বনাঞ্চলৰ অধীনৰ ভিখামপুৰ গাৱঁত।

এই সন্দৰ্ভত দক্ষিণ খেৰী বন সংমণ্ডল বিষয়া সমীৰ কুমাৰে জনায় যে, বনাঞ্চলৰ কাষৰ গাৱঁত মৃত্যু হয় ৫-৬ বছৰীয়া এটা মতা বাঘৰ। প্ৰাথমিক তদন্তত বিদ্যুৎস্পৃষ্ট হৈ বাঘটো মৃত্যু হোৱা বুলিয়েই জানিব পৰা গৈছে। কি কাৰণত ইয়াক মৰা হ’ল বা ইয়াৰ মৃত্যুৰ বাবে কোন জগৰীয়া সেই সন্দৰ্ভত এক নিশ্চিত তদন্তৰ প্ৰয়োজন আছে।

এই ঘটনাৰ পিছতেই বন্যপ্ৰাণী বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাটো পৰ্যবেক্ষণ কৰে। তেওঁ বাঘটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিবৰ বাবে মৃতদেহটো বেৰেলীস্থিত ভাৰতীয় পশু গৱেষণা প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰে বুলি জানিবলৈ দিয়ে।

অৱশ্যে স্থানীয় লোকে মৃত বাঘটোৰ পৰা কেইমিটাৰমান দূৰত এটা বন গাহৰিয়ো বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা বুলি জনায়।

উল্লেখ্য যে চোৰাং চিকাৰীয়ে প্ৰায়ে জীৱ-জন্তু চিকাৰৰ বাবে জাল পতা বা বিদ্যুৎ পৰিবাহী তাঁৰ পেলাই থোৱাৰ দৰে কাম কৰে।

লগতে চাওকঃ

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দুখন বাহনৰ সংঘৰ্ষ, কেবাজনাে আহত

G1-4

এইবাৰ আৰক্ষী বিভাগত নিযুক্তি তৃতীয় লিংগৰ লোক! একেলগে চাকৰি লাভ কৰিলে ১৩ জনে

G4-1