অবৈধ বালি সৰবৰাহকাৰীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান, জব্দ ৪খন ডাম্পাৰ…

অবৈধ বালি সৰবৰাহকাৰীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান।

গোৱালপাৰা জিলাৰ দুধনৈ, কৃষ্ণাই, দেওশিলা নদীৰ পৰা একাংশ বালি মাফিয়াই চৰকাৰক ৰাজহ ফাঁকি দি নিয়মিতভাৱে ১৭ নম্বৰ ঘাইপথবে বালি সৰবৰাহ কৰি বালিৰ ৰমৰমীয়া ব্যৱসায় চলাই আছে।

976
অবৈধ বালি সৰবৰাহকাৰীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান, জব্দ ৪খন ডাম্পাৰ... 3

বুধবাৰে সন্ধিয়া ৰংজুলি বনাঞ্চলিক বিষয়া আৰু ধূপধৰা খণ্ড বন বিষয়াৰ লগতে বনকৰ্মীৰ দলে যৌথ অভিযান চলাই চাৰিখনকৈ অবৈধভাৱে বালি কঢ়িওয়া ডাম্পাৰ জব্দ কৰিবলৈ সক্ষম হয়।

ডাম্পাৰকেইখন দুধনৈৰ বালিৰ মহলৰ পৰা গুৱাহাটীলৈ নিয়াৰ সময়তে ধূপধবাৰ ১৭ নম্বৰ ঘাইপথত জব্দ কৰে ডাম্পাৰকেইখন।

ইয়াৰে তিনিখন চালানবিহীনভাৱে বালি কঢ়িওৱাৰ বিপৰীতে আন এখন অতিৰিক্তভাবে বালি কঢ়িয়াইছিল।

জব্দকৃত ডাম্পাৰকেইখনৰ পঞ্জীয়ন নম্বৰ ক্রমে এএছ-০১ জেচি-১৬৪৩, এএছ-০১ এনচি ৫৬৭৬, এএছ-২৫ এফচি-৯৫৫৫ আৰু এএছ-২৫ ইচি-৯৫৫৫।

লগতে চাওকঃ

SSB ৰ সঞ্চালক প্ৰধান পদত অধিষ্ঠিত প্ৰথমগৰাকী অসম সন্তান ডঃ সুজয় লাল থাউচেন

G6
অবৈধ বালি সৰবৰাহকাৰীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান, জব্দ ৪খন ডাম্পাৰ... 4

Leave a Comment