fbpx
অসমীয়াৰাষ্ট্ৰীয়

অবৈধ পাৰ্কিঙৰ ফটো প্ৰেৰণ কৰি লাভ কৰক ৫০০ টকাৰ পুৰষ্কাৰ! আহি আছে নতুন আইন…

নিউজ ডেস্কঃ অবৈধ পাৰ্কিঙত ৰখাই থোৱা এখন গাড়ীৰ ফটো তুলি আপুনি লাভ কৰিব পাৰিব ৫০০ টকাৰ পুৰস্কাৰ। এই কথা ঘোষণা কৰিছে খোদ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে।

বৃহস্পতিবাৰে এক অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰসিকতাৰে কৰা এই মন্তব্যৰ পিছতে কেন্দ্ৰীয় চৰকাৰে নতুন আইন আনিব নেকি তাক লৈ সৃষ্টি হৈছে অলেখ জল্পনা-কল্পনাৰ।

গাডকাৰীয়ে অনুষ্ঠানটোত কয়, “যদি ভুলকৈ পাৰ্কিং কৰাৰ বাবে ১,০০০ টকাৰ জৰিমনা আৰোপ কৰা হয়, তেন্তে সেই ধনৰ পৰা গাড়ীখনৰ ফটো তোলা আৰু শ্বেয়াৰ কৰা ব্যক্তিজনক ৫০০ টকা পৰিশোধ কৰা হ’ব।’

পৰিবহণ মন্ত্ৰীগৰাকী গাড়ীৰ অবৈধ পাৰ্কিং সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি পুনৰ কয়, “বিশেষকৈ চহৰাঞ্চলত, এনে পৰিয়ালো আছে য’ত প্ৰতিজন সদস্যৰ বিপৰীতে এখনকৈ গাড়ী আছে। কিন্তু এতিয়াও পাৰ্কিঙৰ বাবে পৰ্য‍্যাপ্ত ঠাই নাই। উদাহৰণ স্বৰূপে, দিল্লীত, ৰাস্তাৰ কাষতে গাড়ী ৰখাই ৰাজপথকে পাৰ্কিং স্থান বনাই পেলোৱা হৈছে।’’

উল্লেখ্য যে, কোভিড কালত, দেশত গাড়ীৰ বিক্ৰী হ্ৰাস পাইছিল যদিও শেহতীয়াকৈ গাড়ীৰ বিক্ৰী ক্ৰমান্বয়ে পুনৰ বৃদ্ধি হ’বলৈ আৰম্ভ কৰিছে। তথ‍্য অনুসৰি, ২০২১ চনৰ মে’ মাহতকৈ ২০২২ চনৰ মে’ মাহত দেশত অধিক পৰিমাণে গাড়ীৰ বিক্ৰী বৃদ্ধি পাইছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!