ৰাজ্যত এটাৰ পাছত আন এটাকৈ অবৈধ নিযুক্তিৰ কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছে।
বিজ্ঞাপন, সাক্ষাৎকাৰ অবিহনেই মীন নিগমত অবৈধভাৱে চাকৰি লোৱাৰ অভিযোগত এইবাৰ বৰ্খাস্ত হ’ব পাৰে ২১৭ গৰাকী কৰ্মচাৰী।
ৰাজ্যৰ মীন নিগমত সংঘটিত হোৱা নিযুক্তিৰ কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়াৰ প্ৰতিবেদনত স্পষ্ট হৈছে সমগ্ৰ নিযুক্তি কেলংকাৰী।
নিগমত মুঠ ২১৭ টা পদত অবৈধ নিযুক্তিৰ তথ্য পোহৰলৈ অহাৰ পিছতে এই অবৈধ নিযুক্তিৰ তদন্ত কৰিবলৈ এক উচ্চ স্তৰীয় তদন্ত কমিটী গঠন কৰা হৈছিল।
এই কমিটীৰ প্ৰতিবেদনত স্পষ্ট হৈছে অবৈধ নিযুক্তিৰ বিষয়টো।
কাইলৈৰ ভিতৰত এই ২১৭ গৰাকী কৰ্মচাৰীলৈ শ্ব’কজ জাৰিৰ সম্ভাৱনা। মীন নিগমৰ MDএ কৰ্মচাৰীসকললৈ জাৰি কৰিব শ্ব’কজ।
শ্ব’কজৰ পাছতেই বৰ্খাস্ত হ’ব পাৰে ২১৭ গৰাকী কৰ্মচাৰী।
উল্লেখ্য যে, পূৰ্বৰ একাংশ আমোলা-বিষয়াৰ পৃষ্ঠপোষকতাত বহু লোকে লাভ কৰিছিল চাকৰি।
পূৰ্বৰ দুগৰাকী পৰিচালন সঞ্চালকৰ বিৰুদ্ধেও গ্ৰহণ কৰা হ’ব ব্যৱস্থা।
উল্লেখযোগ্য যে মীন নিগমত ২০২-, ২০২১ বৰ্ষত সংঘটিত নিযুক্তি কেলেংকাৰীৰ তদন্তৰ বাবে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ছৈয়দিন আব্বাছীৰ নেতৃত্বত এখন তিনিজনীয়া উচ্চস্তৰীয় তদন্ত কমিটী গঠন কৰা হৈছিল। এই তদন্ত কমিটীৰ প্ৰতিবেদনতে পোহৰলৈ আহে সমগ্ৰ অবৈধ প্ৰক্ৰিয়া।
পদসমূহত নিযুক্তিৰ বাবে নিগমে কোনো বাতৰি কাকত, ৱেবছাইট, নিয়োগ বিনিময় কেন্দ্ৰৰ জৰিয়তে বিজ্ঞাপন প্রকাশ কৰা নাছিল।
এই পদসমূহ পূৰণৰ বাবে প্ৰকাশ কৰা হোৱা নাছিল কোনো জাননী। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এই পদ পূৰণৰ বাবে নিযুক্তি প্ৰাপ্তসকলৰ মাজত অনুষ্ঠিত হোৱা নাছিল কোনো ধৰণৰ সাক্ষাৎকাৰ।