
নিউজ ডেস্কঃ এতিয়াৰে পৰা দেহ ব্যৱসায়ীৰ কাম-কাজত হস্তক্ষেপ কৰিব নোৱাৰিব আৰক্ষীয়ে।
বৃহস্পতিবাৰে এই গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰতিখন কেন্দ্ৰীয় শাসিত প্ৰদেশ আৰু ৰাজ্যৰ আৰক্ষীক প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে।
যৌনকৰ্মীৰ অধিকাৰ সুনিশ্চিত কৰাৰ দাবীৰে দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে কয় যে দেহ ব্যৱসায়ো এক বৃত্তি।

সেয়েহে প্ৰাপ্তবয়স্ক আৰু সন্মতি সাপেক্ষে দেহ ব্যৱসায়ৰ সৈতে জড়িত মহিলাসকলৰ বিৰুদ্ধে কোনো ফৌজদাৰী গোচৰ ৰুজু নকৰিবলৈও আৰক্ষীক নিৰ্দেশ দিয়ে সৰ্বোচ্ছ ন্যায়ালয়ে।
উল্লেখ্য যে, কোভিড পৰিস্থিতিৰ সময়ত যৌনকৰ্মী সকল যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছিল।

আৰক্ষী-প্ৰশাসনৰ পৰাও সন্মুখীন হোৱা হাৰাশাস্তিৰ অৱসান বিচাৰি যৌন উচ্চতম ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি সৰ্বোচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশ এল নাগেশ্বৰ ৰাও, ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ এ এছ বোপান্নাৰ তিনিজনীয়া বিচাৰপীঠে যৌনকৰ্মীৰ অধিকাৰ সুনিশ্চিত কৰাৰ উদ্দেশ্যে ৬টা বিশেষ নির্দেশাৱলী জাৰি কৰে।
দেহ ব্যৱসায় অবৈধ নহয় বুলি উল্লেখ কৰি ন্যায়ালয়ে কয় যে যৌন কৰ্মী সকলকো আইনৰ দ্বাৰা সমানে সুৰক্ষিত কৰা উচিত।
এই ক্ষেত্ৰত সংবিধানৰ ২১নং অনুচ্ছেদৰ পূৰ্ণ প্ৰয়োগৰ ওপৰতো গুৰুত্ব দিয়ে সৰ্বোচ্ছ ন্যায়ালয়ে।
আনহাতে এই সন্দৰ্ভত অহা ২৭ জুলাইৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যসমূহক উত্তৰ দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে।