অবৈধভাৱে সীমান্ত অতিক্ৰম কৰা ৫ বাংলাদেশীক আটক সীমান্ত সুৰক্ষা বাহিনীৰ

নিউজ ডেস্ক। পুনৰ ভাৰতত অবৈধভাৱে অনুপ্ৰৱেশ কৰি সীমান্ত সুৰক্ষা বাহিনীৰ হাতত আটক হ’ল বাংলাদেশী।

দক্ষিণ শালমৰা মানকাচাৰ জিলাত অবৈধভাৱে আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰি ভাৰতত ভূমিত অনুপ্ৰৱেশ বাংলাদেশীৰ।

G7 3
অবৈধভাৱে সীমান্ত অতিক্ৰম কৰা ৫ বাংলাদেশীক আটক সীমান্ত সুৰক্ষা বাহিনীৰ 2

অৱশ্যে সীমান্তত পহৰাৰত সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফৰ জােৱানসকলে আটাইকেইজনকে ধৰি বাংলাদেশৰ সীমান্তৰক্ষী বাহিনীৰ হাতত গতাই দিয়ে।

ধৃত বাংলাদেশী নাগৰিক কেইজন হ’ল সুৰজ মিঞা, জাহিদুল ইছলাম, জাহিদুল ৰহমান, আব্দুল ছালাম আৰু ময়দুল ইছলাম।

আটাইকেইজনে বাংলাদেশৰ গাইবন্ধা জিলাৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

দুয়োদেশৰ সীমান্ত আৰক্ষীৰ ফ্লেগ মিটিঙৰ অন্তত মানবীয় ভিত্তিত আটাইকেইজনকে বাংলাদেশ সীমান্ত ৰক্ষীৰ হাতত গতাই দিয়ে বিএছএফে ৷