অবৈধভাৱে আধাৰ কাৰ্ড প্ৰস্তুতকাৰী চক্ৰ উৎখাত আৰক্ষীৰ, আটক ৩

নিউজ ডেস্ক। বিভিন্ন চৰকাৰী আঁচনিৰ লাভ কৰিবলৈ দেশৰ প্ৰতিজন নাগৰিকৰ বাবে অনিবাৰ্য হৈ পৰিছে আধাৰ কাৰ্ড।

চৰকাৰে জনসাধাৰণৰ বাবে বিনামূলীয়াকৈ আধাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থা কৰিছে যদিও বিভিন্ন ঠাইত ধনৰ বিনিময়ত অবৈধ কেন্দ্ৰ স্থাপন কৰি গােপনে আধাৰ কাৰ্ড প্ৰদান কৰিছে বিভিন্ন চক্ৰই।

নগাঁও জিলাৰ কলিয়াবৰৰ মিছা আৰক্ষীৰ জালত পৰিছে তেনে এটা চক্ৰ।

জানিব পৰা মতে, মিছা হাটবাগানৰ জেছমিন ছুলতানা নামৰ এগৰাকী মহিলা ঘৰৰ পৰা নিশা মিছা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় চক্ৰটোৰ তিনিগৰাকী সদস্যক।

আধাৰ কাৰ্ড প্ৰস্তুত কৰি থকা সময়তে হাতে-লোটে ধৰা পেলাই আৰক্ষীয়ে।

দলটোৱে প্ৰতিখন আধাৰ কাৰ্ডৰ বিপৰীতে ১৫০০ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ। অবৈধভাৱে আধাৰ কাৰ্ড প্ৰস্তুতকৰা দলটোক নগাঁৱৰ জুৰিয়াৰ বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে অভিযুক্তসকলক কৰায়ত্ব কৰাৰ লগতে আধাৰ কাৰ্ড প্ৰস্তুতৰ সৈতে জড়িত সামগ্ৰীসমূহো জব্দ কৰে। ধৃত লোককেইজন লুতফুৰ ৰহমান, নুৰুল ইছলাম আৰু আফতাব হুছেইন বুলি জানিব পৰা গৈছে।

Leave a Comment