
নিউজ ডেস্কঃ ৰে’লৰ ইঞ্জিনৰ তলত বহি সুদীৰ্ঘ ১৯০ কিলোমিটাৰ পথ যাত্ৰা কৰিলে এজন লোকে। এই অবিশ্বাস্য ঘটনা সংঘটিত হৈছে বিহাৰত।
জানিব পৰা মতে, সোমবাৰে পুৱা ৰাজগীৰৰ পৰা পাটনা হৈ গয়াত উপস্থিত হোৱা বুদ্ধ পূৰ্ণিমা এক্সপ্ৰেছৰ ইঞ্জিনৰ তলৰ পৰা উদ্ধাৰ কৰা হয় ব্যক্তিজনক।
ব্যক্তিজন কি কাৰণে ৰে’লৰ ইঞ্জিনৰ তলত বহি ইমান দূৰ বাট যাত্ৰা কৰিছিল সেয়া এতিয়াও স্পষ্ট নহয়।

ৰে’ল বিভাগৰ এক সূত্ৰই জানিবলৈ দিয়া মতে, পুৱা প্ৰায় ৪ বজাত গয়া ৰে’ল ষ্টেছনত উপস্থিত হয় বুদ্ধ পূৰ্ণিমা এক্সপ্ৰেছ যাত্ৰীবাহী ৰে’লখন।
ৰে’ল পাইলট এছ চৌধুৰীয়ে ষ্টেছনত ৰে’লখন ৰখাই নামি অহাৰ সময়তে কোনো লোকে পানী পানী বুলি চিঞৰা শুনিবলৈ পায়।
চৌধুৰীয়ে মাতটো শুনি ক’ৰ পৰা আহিছে সেয়া অনুধাৱন কৰিবলৈ চেষ্টা কৰোতেই প্ৰত্যক্ষ কৰে যে ইঞ্জিনৰ তলত এজন ব্যক্তিক প্ৰত্যক্ষ কৰে।
राजगीर से गया: युवक ने ट्रेन के इंजन के नीचे बैठकर किया 190 किलोमीटर का सफर।
— Devendra Singh Rathod (@DevendraBana91) June 7, 2022
गया रेलवे स्टेशन पर आरपीएफ जवानों की मदद से खींचकर बाहर निकाला। pic.twitter.com/sbG4pHVtj6
লগে লগে ৰে’ল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ইঞ্জিনৰ তলৰ পৰা লোকজনক টানি টানি বাহিৰলৈ উলিয়াই আনিবলৈ সক্ষম হয়।
ৰে’লখনৰ পাইলট এছ চৌধুৰীয়ে প্ৰকাশ কৰা মতে, ইঞ্জিনৰ তলৰ সেই ঠেক অংশত প্ৰৱেশ কৰাটো ইমান সহজ নহয়। তাৰ পিছতো ব্যক্তিজনে কেনেদৰে তাত প্ৰৱেশ কৰিলে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে।
ইফালে ৰে’লৰ ইঞ্জিনৰ তলৰ পৰা উদ্ধাৰ কৰা লোকজন মানসিকভাৱে বিকাৰগ্ৰস্ত বুলি সন্দেহ কৰা হৈছে। ব্যক্তিজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।
ट्रेन की इंजन में छिपकर राजगीर से गया पहुंच गया युवक, बाल भी बांका नहीं हुआ https://t.co/jL4NK60fOB
— NBT Bihar (@NBTBihar) June 8, 2022
#OMG #ViralVideo pic.twitter.com/4ZjBCzW4sT
ৰে’লৰ ইঞ্জিনৰ তলত বহি এনদৰে এজন ব্যক্তিয়ে ১৯০ কিলোমিটাৰ যাত্ৰাপাথ অতিক্ৰম কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘটনাৰ এটা ভিডিঅ’ও ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।