
নিউজ ডেস্কঃ মাছ হৈছে ভাৰতীয়ৰ অন্যতম প্ৰিয় খাদ্য। বজাৰ কৰিবলৈ হৈ ডাঙৰৰো ডাঙৰ মাছটো কিনি আনি পৰিয়ালৰ সৈতে এসাজ খোৱাটো মাঘ বিহুৰ উৰুকাৰ দিনাখন প্ৰতিজন অসমীয়াই বিচাৰে। কিন্তু বজাৰত আপুনি কিমান দামত মাছ কিনি পাইছে? ১০ হাজাৰ… ১৫ হাজাৰ… ২০ হাজাৰ…?
পশ্চিমবংগৰ দীঘাত এটা মাছৰ বিক্ৰী হোৱা দাম শুনিলে চকু কপালত উঠিব আপোনাৰ। সাগৰত মাছমৰীয়াৰ জালত পৰা এটা প্ৰকাণ্ড তেলিয়া ভোলা মাছ বিক্ৰী কৰা হয় ১৩ লাখ টকাত।

দেওবাৰে দীঘাৰ মহনা বজাৰত এই প্ৰকাণ্ড তেলিয়া ভোলা মাছটো বিক্ৰী কৰিবলৈ আনে দক্ষিণ ২৪ পৰগণা জিলাৰ নৈনানদৰ মৎসজীৱী শিৱাজী কবিৰে।
৫৫ কিলোগ্ৰাম ওজনৰ মাছটো বজাৰত ক্ৰয় কৰিবলৈ গ্ৰাহৰৰ হেতাওপৰা লাগে। অৱশেষত নিলামত প্ৰতিকেজি ২৬ হাজাৰ টকা দৰত ১৩ লাখ টকাত বিক্ৰী হয় সম্পূৰ্ণ মাছটো।

স্মৰ্তব্য যে ইয়াৰ কেইদিনমান পূৰ্বে ৩০ কিলোগ্ৰাম ওজনৰ তেলিয়া ভোলা এটা বিক্ৰী হৈছিল ৯ লাখ টকাত।