নিউজ ডেস্কঃ মৰম দিব জানিলে বনৰ জীৱ-জন্তুও হৈ পৰিব পাৰে পৰিয়ালৰ এজন সদস্য। সেয়াই প্ৰমাণ কৰি এটি ভাটৌ চৰাইৰ জন্মদিন পালন কৰিলে এটা পৰিয়ালে।
জানিব পৰা মতে, পূব বুঢ়ৱানৰ কুৰমুন ২ পঞ্চায়তৰ সোনাপোলাশী গাঁৱৰ এটা পৰিয়ালে এমাহ পূৰ্বে ঘৰৰ কাষৰ জংঘলৰ মাজৰ পৰা উদ্ধাৰ কৰিছিল এটা অসুস্থ ভাটৌৰ পোৱালি। পৰিয়ালটোৱে চৰাই পোৱালিটো ঘৰলৈ আনি শুশ্ৰুষা কৰাৰ এদিন পিছতে পোৱালিটো সুস্থ হৈ উঠে।
কিন্তু ভাটৌৰ পোৱালিটোৱে সুস্থ হৈ পুনৰ বনলৈ উভতি নাযায় পৰিয়ালটোৰ সৈতেই থাকি যায় আৰু লাহে লাহে চৰাইজনীও পৰিয়ালৰ এজন সদস্যৰ দৰে হৈ পৰে। পিঞ্জৰাৰ মাজত ভাটৌটোক আৱদ্ধ কৰি নাৰাখি পৰিয়ালটোৱে মুকলিভাৱেই চৰাইটোক বিচৰণ কৰিবলৈ দিয়ে। পৰিয়ালটোৱে ভাটৌজনীৰ নাম ৰাখে- মিষ্টু।

ক্ৰমাৎ পৰিয়ালৰ এজন সদস্য হৈ পৰা ভাটৌজনীয়ে পৰিয়ালৰ আন আন সকলৰ সৈতেই একেলগে আহাৰ গ্ৰহণ কৰে, টিভি চাই সময় পাৰ কৰে।
এই চৰাইজনীৰে ঘৰলৈ অনাৰ এমাহ সম্পূৰ্ণ হোৱাৰ উপলক্ষ্যে পৰিয়ালটোৰে ভাটৌজনীৰ জন্মিদন পালন কৰি এক অনুষ্ঠানৰ আয়োজন কৰে।

বন্দোপধ্যায় উপাধিৰ পৰিয়ালটোৱে কেক কাটি মিষ্টুৰ জন্মদিন পালন কৰাৰ লগতে ৫০ জন অতিথিক ঘৰলৈ নিমন্ত্ৰণ জনাই এক ভোজমেলৰো আয়োজন কৰে।

পৰিয়ালৰ সদস্য শান্তিময়ী বন্দ্যোপাধ্যায়ে কয়, “এমাহ আগতে মিষ্টুক মোৰ ঘৰৰ কাষৰ হাবিত পৰি থকা দেখিছিলো। তেতিয়া চকু দুটা ভালদৰে খোলা নাছিল। তাই মাটিত পৰি লৰচৰ কৰি আছিল। বনৰীয়া জন্তুৱে খাব পাৰে বুলি ভাবি ঘৰলৈ লৈ আহো। তেতিয়াৰ পৰা তাই ঘৰৰ সকলোৰে লগত ডাঙৰ হৈ আহিছে। আজি মিষ্টুৰ জন্মদিন, গতিকে ঘৰলৈ অহা এমাহ হ’ল।”