
নিউজ ডেস্কঃ এখন অটোত কেইজন যাত্ৰীয়ে বহিব পাৰে? আপুনি ক’ব- ৬ জন। অৱশ্যে ঠেলা হেচা কৰি খুব বেছি ১০ জন যাত্ৰীয়ে কিছুদূৰ নিশ্চয় যাত্ৰা কৰিব পাৰিব।
কিন্তু এখন অটো ৰিক্সাৰ ভিতৰত যাত্ৰা কৰা লোকৰ সংখ্যা দি স্তম্ভিত হৈ পৰিল আৰক্ষীয়ে। এজন দুজনকৈ বাহিৰলৈ ওলাই অহা যাত্ৰীৰ গণনাত ওলাল- ২৭ জন লোকে একে সময়তে যাত্ৰা কৰি আহিছিল এখন অটোত।
ইতিমধ্যে ভাইৰেল হৈ পৰিছে এনে এটা ভিডিঅ’। যি দৃশ্য দেখি চকু থৰ লাগিব আপোনাৰো।
सोशल मीडिया पर वायरल हो रहे एक वीडियो ने पुलिस को भी हैरान करके रख दिया है। वायरल वीडियो यूपी के फतेहपुर का है। दरअसल एक ऑटो को पुलिस ने बकरीद के दिन पकड़ा था। ऑटो के अंदर ड्राइवर समेत 27 लोग बैठे थे। यह देखकर पुलिस भी हैरान रह गई।#UPPolice #ViralVideo #Fatehpur pic.twitter.com/3sIAlJlyx8
— Hindustan UP-Bihar (@HindustanUPBH) July 10, 2022
দৰাচলতে এই ঘটনা সংঘটিত হয় উত্তৰ প্ৰদেশৰ ফতেহপুৰ জিলাত। দেওবাৰে বকৰ ঈদ উপলক্ষ্যে একাংশ ইছলাম ধৰ্মাৱলম্বী লোকে অটোত উঠি নামাজ আদায় কৰিবলৈ বিন্দকীলৈ গৈছিল।
তীব্ৰ বেগত অহা অটোখন আৰক্ষীয়ে বিন্দকী কোতৱালি অঞ্চলৰ লালাউলী ছেক্সনত প্ৰত্যক্ষ কৰি ৰখাবলৈ নিৰ্দেশ দিয়ে। তাৰ পিছতে অটো খনৰ ভিতৰৰ পৰা এজন এজনকৈ ওলাই আহিল ২৭ জন লোক। আটাই কেইজন লোক মহাৰাজাৰ বাসিন্দা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি আৰক্ষীয়ে অটোখন জব্দ কৰে। ইফালে সেই সময়ত উপস্থিত কোনো লোকে কৰা এটা ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।