অপৰাধ নিয়ন্ত্ৰণ আৰু দুৰ্নীতি নিবাৰক সংস্থাৰ ল’গ’ ব্যৱহাৰ কৰি গ্ৰেপ্তাৰ পিতা-পুত্ৰ

অপৰাধ নিয়ন্ত্ৰণ আৰু দুৰ্নীতি নিবাৰক সংস্থাৰ ল’গ’ ব্যৱহাৰ কৰি গ্ৰেপ্তাৰ পিতা-পুত্ৰ।

নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পিতা-পুত্ৰ জামালুদ্দিন খান আৰু প্ৰিঞ্চ খানক।

দুয়োজনে নিজা বাহনত অপৰাধ নিয়ন্ত্ৰণ শাখা আৰু দুৰ্নীতি নিবাৰক সংস্থাৰ ল’গ’ লগাই বিভিন্ন আইন বিৰোধ কাম কৰি অহাৰ অভিযোগ উঠিছিল।

নগাঁও চহৰৰ আজাদ নগৰত ভাড়া ঘৰত থাকি পিতা-পুত্ৰই আইন বিৰোধ কাম কৰি অহা বুলি স্থানীয় লোকে নগাঁও সদৰ থানাৰ আৰক্ষীক অভিযোগ দিয়াৰ পিছত আৰক্ষীয়ে দুয়োজনকে গ্ৰেপ্তাৰ কৰে ৷

লগতে জব্দ কৰিছে এ এছ ০২ ৱাই ৩৬৩৫ নম্বৰৰ গাড়ী আৰু অসম আৰক্ষীৰ চিম্বল থকা পৰিচয় পত্ৰ ৷