অপৰাধৰ ঘাটিত পৰিণত মহানগৰ! সংবাদমেলৰ জৰিয়তে মহানগৰবাসীলৈ কি কি আহ্বান জনালে নৱ নিযুক্ত আৰক্ষী আয়ুক্ত দিগন্ত বৰাই…

নিউজ ডেস্কঃ গুৱাহাটী মহানগৰীত বৃদ্ধি পোৱা অপৰাধ সন্দৰ্ভত সংবাদমেল মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ।

মহানগৰ আৰক্ষী আয়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণৰ পিছত প্ৰথমবাৰৰ বাবে সংবাদমেল সম্বোধন দিগন্ত বৰাৰ।

গুৱাহাটীত পূৰ্বৰ তুলনাত অপৰাধ বৃদ্ধিক লৈ সামান্য উদ্বেগ প্ৰকাশ আৰক্ষী আয়ুক্তগৰাকীৰ।

কিন্তু এতিয়াও অপৰাধ অধিক বঢ়া নাই বুলি মন্তব্য কৰি মহানগৰবাসীক ভয় নাখাবলৈ আহ্বান দিগন্ত বৰাৰ।

উল্লেখ্য যে, বিগত কিছু মাহত মহানগৰীত সংঘটিত হৈছে কেইবাটাও অপৰাধৰ ঘটনা।

মহিলাৰ ডিঙিৰ চেইন চুৰি কৰাৰ পৰা হাতত পিষ্টল লৈ আতংকৰ সৃষ্টি কৰালৈকে বিভিন্ন অপৰাধৰ ঘটনাক লৈ ভীতিগ্ৰস্ত হৈ পৰিছে মহানগৰবাসী।

image 119
অপৰাধৰ ঘাটিত পৰিণত মহানগৰ! সংবাদমেলৰ জৰিয়তে মহানগৰবাসীলৈ কি কি আহ্বান জনালে নৱ নিযুক্ত আৰক্ষী আয়ুক্ত দিগন্ত বৰাই… 2

আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কয় যে যোৱা সপ্তাহত গুৱাহাটীত ৫টা চেইন চুৰিৰ ঘটনা সংঘটিত হৈছে।

আৰক্ষীয়ে তেনে চোৰক কৰায়ত্ত কৰিবলৈও সক্ষম হোৱা বুলি মন্তব্য কৰে আৰক্ষী আয়ুক্ত গৰাকীয়ে।

অন্যহাতে মহানগৰীৰ পৰা চুৰি হোৱা ১৭ খন গাড়ীৰ ভিতৰত ৭ খন বাহন ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা বুলি জানিবলৈ দিয়ে দিগন্ত বৰাই।

ইফালে হাতত পিষ্টল লৈ সন্ত্ৰাস চলোৱা সন্দৰ্ভত মন্তব্য ব্যক্ত কৰি আৰক্ষী আয়ুক্ত গৰাকীয়ে কয় যে তেনে লোকে ক’ৰ পৰা লাভ কৰিছে, তাৰ তদন্ত চলোৱা হ’ব।

মহানগৰীত অপৰাধৰ ঘটনা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত আৰক্ষী সফল হ’ব বুলিও বিশ্বাস ব্যক্ত কৰে আৰক্ষী আয়ুক্ত দিগন্ত বৰাই।

তদুপৰি ৰাতিৰ পেট্ৰ’লিং বৃদ্ধি কৰা হ’ব বুলি জনায় দিগন্ত বৰাই।

তেওঁ লগতে জৰুৰীকালীন সময়ত ১১২ নম্বৰত সহায় বিচাৰি কল কৰিবলৈ মহানগৰবাসীক আহ্বান জনায়।

অন্যহাতে সুৰাপান কৰি বাহন চলোৱাসকলক সতৰ্ক কৰি দিয়ে আৰক্ষী আয়ুক্তগৰাকীয়ে।

ইয়াৰ লগতে ভাড়াতীয়া সকলৰ ওপৰত মালিকক নজৰ ৰাখিবলৈ আৰু কিবা সন্দেহ উপজিলে স্থানীয় আৰক্ষী থানাক অৱগত কৰাৰ আহ্বান জনায়।