
নিউজ ডেস্কঃ ন্যায়িক জিম্মালৈ প্ৰেৰণ দিল্লীৰ সদ্য প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিচ’ডিয়াক।
সোমবাৰে ছিচ’ডিয়াৰ চিবিআই জিম্মাৰ ম্যাদ অন্ত পৰাৰ পিছতে তেওঁক দিল্লীৰ বিশেষ আদালতত হাজিৰ কৰোৱা হয়।
ইয়াৰ পিছতে আদালতে ২০ মাৰ্চলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আম আদমী পাৰ্টীৰ দ্বিতীয় শক্তিশালী নেতাগৰাকীক।
ইফালে আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পিছতে তিহাৰ জে’ললৈ স্থানান্তৰ কৰা হ’ব ছিচ’ডিয়াক।
উল্লেখ্য যে, দিল্লীৰ সুৰা নীতি গোচৰত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল মনীষ ছিচ’ডিয়াক।
ইয়াৰ পিছতে আদালতে তেওঁক ৫ দিনৰ চিবিআই জিম্মালৈ প্ৰেৰণ কৰিছিল।
কিন্তু পৰৱৰ্তী সময়ত পুনৰ চিবিআই জিম্মাৰ ম্যাদ দুদিন বৃদ্ধি কৰা হৈছিল।
৭ দিনীয়া চিবিআই জিম্মাৰ ম্যাদৰ অন্ত পৰাৰ পিছতে আজি তেওঁক পুনৰ বিশেষ আদালতত হাজিৰ কৰা হয়।
আনফালে ছিচ’ডিয়াই জামিন বিচাৰি আদালতত দাখিল কৰা আবেদন খাৰিজ হোৱাৰ পিছতে তেওঁ দিল্লী চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল।