নিউজ ডেস্কঃ ২২ দিনৰ অন্তত সমাপ্ত কৰা হ’ল মণিপুৰৰ টুপুলৰ উদ্ধাৰ অভিযান। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে উদ্ধাৰ অভিযান সমাপ্ত কৰাৰ বিষয়ে ঘোষণা কৰে।
উল্লেখ্য যে, যোৱা ৩০ জুনৰ নিশা ভয়ংকৰ ভূমিস্খলন সংঘটিত হৈছিল মণিপুৰৰ ননী জিলাৰ টুপুল য়াৰ্ড ৰে’লৱেত। ৰে’লৱেৰ নিৰ্মাণ কেম্পত নিশা সংঘটিত ভূমিস্খলনত নিহত হয় ৬১ জন লোক।

ইফালে এই ভংয়কৰ ঘটনাত ৫ জন লোক এতিয়াও সন্ধানহীন হৈ আছে। ১৮ জনক উদ্ধাৰ কৰা হৈছে জীৱন্তে।
জানিব পৰা মতে, ভূমিস্খলনত নিহত সকলৰ ৩০ জনেই আছিল টেৰিটৰিয়েল আৰ্মীৰ জোৱান। অসমৰো কেইবাজনো শ্ৰমিক নিহত হয় এই ভূমিস্খলনত।
Out of the 56 missing bodies, 51 bodies have been recovered while 5 bodies are still missing. We have also given Rs. 5 lakh as ex-gratia to the families of the deceased while ₹50000 to those injured. Also, we have allocated ₹ 30 lakh for the management of search operations.
— N.Biren Singh (@NBirenSingh) July 20, 2022
ভূমিস্খলনৰ পিছত বিগত ২২ দিন ধৰি অঞ্চলটোত উদ্ধাৰ অভিযান অব্যাহত ৰাখে উদ্ধাৰকাৰী দলে। প্ৰতিকূল বতৰৰ বাবে উদ্ধাৰ অভিযানত সমস্যাৰ সৃষ্টিও হয়।
কিন্তু উদ্ধাৰ অভিযান চলাই থকাৰ পিছতো সন্ধানহীন সকলৰ কোনো সম্ভেদ লাভ নকৰাত অৱশেষত উদ্ধাৰ অভিযান সমাপ্ত কৰাৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে।