অসমীয়াঅসম

অন্তঃসত্বা শিক্ষয়িত্ৰীক আক্ৰমণ! মৰাণৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ ২২ শিক্ষাৰ্থীক নিলম্বন…

নিউজ ডেস্কঃ অভিভাৱকক ছাত্ৰৰ বিৰুদ্ধে অভিযোগ কৰাৰ বাবেই এগৰাকী অন্তঃসত্বা শিক্ষয়িত্ৰীক আক্ৰমণ কৰা ২২ জন ছাত্ৰক নিলম্বন কৰিছে মৰাণৰ জৱাহৰ নবোদয় বিদ্যালয় কৰ্তৃপক্ষই।

উল্লেখ্য যে, ডিব্ৰুগড় জিলাৰ মৰাণস্থিত জৱাহৰ নবোদয় বিদ্যালয়ত মঙলবাৰে সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ঘটনা।

বিদ্যালয়খনত অভিভাৱক-শিক্ষকৰ বৈঠকৰ সময়ত এগৰাকী ছাত্ৰীয়ে ভালদৰে অধ্যয়ন নকৰাৰ অভিযোগ উত্থাপন কৰাৰ পিছতে বিদ্যালয়খনৰ ৪০-৫০ জনীয়া ছাত্ৰৰ দলটোৱে ৫ মহীয়া গৰ্ভৱতী শিক্ষয়িত্ৰীগৰাকীক আক্ৰমণ কৰে।

অভিযোগ অনুসৰি, অংকুশ সিং নামৰ বিদ্যালয়ৰ ছাত্ৰজনৰ নেতৃত্বতে উদণ্ড ছাত্ৰৰ দলটোৱে আক্ৰমণ কৰে শিক্ষয়িত্ৰীগৰাকীক।

এই ঘটনাৰ বিষয়ে পোহৰলৈ অহাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপত অৱশেষত নিলম্বন কৰা হয় বিদ্যালয়খনৰ ২২ জনকৈ ছাত্ৰ-ছাত্ৰীক।

বিদ্যালয়খনৰ অধ্যক্ষ ৰথীন কুমাৰে জনোৱা মতে, বিদ্যালয়খনৰ আভ্যন্তৰীণ তদন্ত সমিতিয়ে দাখিল কৰা প্ৰতিবেদনৰ ভিত্তিত ২২ জন ছাত্ৰ-ছাত্ৰীয়ে আক্ৰমণৰ নেতৃত্ব লোৱাৰ অভিযোগত ৬ মাহৰ বাবে নিলম্বন কৰা হয়।

ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে এই সমগ্ৰ বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিছে।

Related Articles

Back to top button