
নিউজ ডেস্কঃ জুবিন গাৰ্গ! কেৱল এটা নামেই নহয়, জুবিন অসমৰ সংগীতপ্ৰেমীৰ বাবে এটা আবেগ।
যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ য’লৈকে যায় তাতেই ভিৰ কৰে অনুৰাগীৰ।
এবাৰ ওচৰৰ পৰা চোৱাৰ ইচ্ছা, এবাৰ চুই চোৱাৰ ইচ্ছাত কেতিয়াবা নকৰিবলগীয়া কামো কৰে জুবিন অনুৰাগীয়ে।
শেহতীয়াকৈ ব’হাগ বিহুৰ সময়ত জুবিনৰ সংগীতানুষ্ঠানত বোকা ডান্স ভাইৰেল হৈ পৰিছিল।
জুবিনৰ কণ্ঠৰ উন্মাদনাই স্থান-কাল পাহৰাই পেলাইছিল অনুৰাগীৰ।
কিন্তু প্ৰায়ে অনুৰাগীক লৈ নৰম হোৱা দেখা যায় জুবিন গাৰ্গক।
কেতিয়াবা নিজেই কাষলৈ মাতি আনি সাৱটি লোৱাও দেখা যায়।
কিন্তু এইবাৰ ঘটিল এক অপ্ৰীতিকৰ ঘটনাহে।
মঞ্চত সংগীত পৰিৱেশন কৰি থকাৰ সময়তে কণ্ঠশিল্পীগৰাকীৰ ভৰি চুবলৈ বিচাৰি বাউন্সাৰৰ ৰোষত পৰিবলগীয়া হ’ল এজন অনুৰাগী।
সামাজিক মাধ্যমত এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ।
অনুৰাগীক বাউন্সাৰে কৰা এনে আচৰণ আৰু সেই সময়ত কাষতে গীত গাই থকা জুবিন গাৰ্গৰ ভাৱলেশহীন প্ৰতিক্ৰিয়াই আশাহত কৰিছে আন বহু অনুৰাগীকো।
দৰাচলতে বৃহস্পতিবাৰে শিৱৰাত্ৰী পূজাৰ সামৰণি উপলক্ষ্যে বাক্সা জিলাৰ মুছলপুৰৰ সুৱনশ্ৰীত আয়োজিত এক সাংস্কৃতিক সন্ধিয়াৰ মুখ্য শিল্পী আছিল জুবিন গাৰ্গ।
অনুষ্ঠানত তেওঁ মঞ্চত থিয় হৈ সেই সময়ত গাই আছিল তেওঁৰেই জনপ্ৰিয় গীত ‘মাজুলীত এজনী ছোৱালীয়ে…’।
সেই সময়তে মঞ্চত এফালৰ পৰা হঠাৎ দৌৰি আহি প্ৰৱেশ কৰে এজন অনুৰাগীয়ে।
আহিয়েই জুবিন গাৰ্গৰ ভৰিত হামখুৰি খাই পৰি প্ৰিয় শিল্পীগৰাকীৰ আশীৰ্বাদ ল’ব বিচাৰে অনুৰাগীজনে।
কিন্তু তেতিয়াই এজন বাউন্সাৰে গৈ অনুৰাগী যুৱকজনক প্ৰায় ‘বস্তা ডঙা দি’ ডাঙি মঞ্চৰ পৰা বাহিৰলৈ লৈ যায়।
এনে ঘটনাক লৈ এতিয়া বিভিন্নজনে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।
বিশেষকৈ অনুৰাগীজনক একপ্ৰকাৰ অপমানিত কৰি মঞ্চৰ পৰা ডাঙি নিয়াৰ সময়ত বাউন্সাৰজনক বাধা নিদিয়াৰ বাবে বহুতে জুবিন গাৰ্গক লৈও আক্ষেপ ব্যক্ত কৰিছে।