অসম
অনিমেষ হত্যাকাণ্ডৰ এবছৰ পূৰ্ণ! ন্যায়ৰ অপেক্ষাত নীৰৱে চকুলো টুকিছে দুখুনী মাতৃয়ে…

অভিশপ্ত ২৯ নৱেম্বৰ। অনিমেষ ভূঞা হত্যাকাণ্ডই পাৰ কৰিলে এটা বছৰ।
যোৰহাটত মাজমজিয়াত একাংশ মানৱৰূপী দানৱৰ হাতত মৃত্যুক সাবটি লৈছিল দেৰগাঁও খকণ্ডগুৰিৰ আছু নেতা অনিমেষ ভূঞাই।
কিন্তু অসাৰ হ’ল আশ্বাস-প্ৰতিশ্ৰুতি। আজিও ন্যায়ৰ আশাত নীৰৱে চকুলো টুকিছে অনিমেষৰ দুখুনী মাতৃয়ে।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অনিমেষৰ ঘৰত দিয়া ৫ লাখ টকাৰ চেকখনৰ বাহিৰে ক’বলৈ গ’লে একোৱেই নহ’ল।
আজিও অনিমেষৰ মাতৃৰ বুকুত জলা জুইকুৰা জ্বলিয়েই আছে। নীৰৱে পুত্ৰ শোকত চকুলো টুকিছে মাতৃয়ে।
অনিমেষৰ মাতৃয়ে কয়, ‘তেতিয়া কোৱা ধৰণে একোৱেই নহল’। অনিমেষৰ ভাতৃৰ সংস্থাপনৰ বিষয় তল পৰিল। পৰিয়ালটো কেনেদৰে চলিছে তাক চাবলৈ কাৰোৰে আহৰি নাই।
আনহাতে অনিমেষৰ ভাতৃৰ কয়, আজিৰ দিনত এখন চেকেৰে মৃত্যু কিনি লোৱা নিচিনা অৱস্থা হৈছে।