অনিমেষ ভূঞা হত্যাকাণ্ডঃ যােৰহাটবাসীলৈ কি আহ্বান জনালে আৰক্ষী অধীক্ষকে?

নিউজ ডেস্ক। ৰাজ্য জােকাৰি যােৱা ছাত্ৰ নেতা অনিমেষ ভূঞাৰ গণহত্যাই ইতিমধ্যে অতিক্ৰম কৰিলে ৫ টা দিন।

যােৱা ২৯ নৱেম্বৰত দিন দুপৰতে যােৰহাট চহৰৰ মাজমজিয়াত সংঘটিত এই ঘটনাৰ সৈতে জড়িত নীৰজ দাস ওৰফে ক’লা ল’ৰাৰ দুৰ্ঘটনাত মৃত্যু ঘটিছে।

কেবাজনাে লােকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে। কিন্তু এতিয়াও ঘটনাৰ সৈতে জড়িত কেবাজনাে লােক মুকলি আকাশৰ তলত।

লগতে আৰক্ষীয়েও তদন্তৰ বাবে অধিক তথ্য-পাতি সংগ্ৰহৰ বাবে অব্যাহত ৰাখিছে প্ৰচেষ্টা।

ইপিনে, জিলাখনৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে টুইট কৰি অনিমেষ ভূঞা হত্যাকাণ্ড সন্দৰ্ভত তথ্য দিবলৈ যােৰহাটবাসীলৈ আহ্বান জনাইছে।

আৰক্ষী অধীক্ষক অংকুৰ জৈনৰ টুইটঃ সকলাে যােৰহাটবাসীলৈ আহ্বান, যােৱা ২৯ নৱেম্বৰ, ২੦২১ তাৰিখে যােৰহাটৰ এটি ৰােখত সংঘটিত গণহত্যাৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে কেচ মজবুত কৰিবলৈ আপােনালােকৰ সক্ৰিয় সহযােগৰ প্ৰয়ােজন। এই ঘটনাৰ ফটো আৰু ভিডিঅ’ বা অন্যান্য তথ্য 94357-13910 নম্বৰত WhatsApp নাইবা spofficejht2021@ gmail.com ত মেইল কৰিবলৈ আহ্বান জনালাে।

Leave a Comment