
নিউজ ডেস্ক। অনলাইনযোগে প্ৰচাৰিত এটা শৈক্ষিক অনুষ্ঠানত এগৰাকী অধ্যাপকে কথা কৈ থকাৰ সময়তে আপলোড হ’ল অশ্লীল ফটো!
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত এই ঘটনাই এতিয়া বিশ্ববিদ্যালয় খনৰ লগতে সমগ্ৰ বিদ্ব্যৎ মহলকে লজ্জানত কৰিছে।

জানিব পৰা মতে, কোভিড পৰিস্থিতিৰ মাজতে আৰম্ভ কৰা ১৫ মিনিট-শিক্ষা নামৰ অনলাইন শৈক্ষিক অনুষ্ঠানটোত পলিটিকেল ছায়েন্স টুডে: ডিছকাছিং দা ডিচিপ্লিন শীর্ষক বিষয়ত মূল বক্তা হিচাপে অংশগ্রহণ কৰিছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপকে।
কিন্তু অধ্যাপকগৰাকীয়ে নিজৰ বক্তব্য প্ৰদান কৰি থকাৰ সময়তে অনলাইন অনুষ্ঠানটোত আপলােড হয় অশ্লীল ফটো। যাৰ বাবে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
উল্লেখ্য যে, এই অনলাইন অনুষ্ঠানটোত অসমৰ লগতে দেশ-বিদেশৰ বহু অধ্যাপকে অংশগ্ৰহণ কৰে।
এই ঘটনা সন্দৰ্ভত অৱশ্যে এতিয়াও কোনো ধৰণৰ মন্তব্য কৰা নাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।
ইউটিউব যোগে সম্প্ৰচাৰিত ভিডিঅ’টো ইতিমধ্যে ডিলিট কৰা হৈছে যদিও বহুতৰে ওচৰত সেই অশ্লীল ফটো থকাৰ সন্দেহ কৰা হৈছে।
এটা অনলাইন শৈক্ষিক অনুষ্ঠান চলি থকাৰ মাজতে কিদৰে অশ্লীল আৰু আপত্তিজনক ফটো প্ৰকাশ পালে, তাক লৈ আৰম্ভ হৈছে চৰ্চা।

জানিব পৰা মতে, বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিষয়টোৰ তন্ন তন্নকৈ অনুসন্ধান কৰিবলৈ নিৰ্দেশ দিছে।
ইপিনে, এনে ঘটনাক্ৰম সন্দৰ্ভত ভু ৰখা একাংশ লােকে এই ঘটনাক ‘জুম বম্বিং’ৰ দৰে চাইবাৰ হেকিং আখ্যা দিছে।
দৰাচলতে ইন্টাৰনেটৰ অপব্যৱহাৰ কৰা দুষ্ট চক্ৰই জুম এপ, স্কাইপ বা অন্যান্য ভিডিঅ’ কনফাৰেন্সিং এপৰ জৰিয়তে হােৱা বিভিন্ন ভিডিঅ’ কনফাৰেন্সৰ সময়তে এনে বিজুতিৰ সৃষ্টি কৰি ব্যাঘাত জন্মায়।

সেয়ে এনে বিজুতিৰ বাবে জুম মিটিঙৰ উদ্যােক্তাসকল প্ৰত্যক্ষভাৱে দায়ী নহয় বুলি একাংশ লােকে মন্তব্য কৰিছে।
লগতে চাওকঃ
পত্নীয়ে মটন কাৰী নবনোৱাৰ বাবেই ১০০ ডায়েল কৰি আৰক্ষীক অভিযোগ, তাৰ পিছত ঘটিল এই ঘটনা…
