অনলাইন আৱেদনৰ জৰিয়তেই লাভ কৰিব বিদ্যুৎ সংযোগ! আঁচনি মুকলি APDCL ৰ

অনলাইন আৱেদনৰ জৰিয়তেই লাভ কৰিব বিদ্যুৎ সংযোগ! আঁচনি মুকলি APDCL ৰ

January 3, 2021 0 By NEWS DESK

নিউজ ডেস্ক। অনলাইন পদ্ধতিৰে গ্ৰাহকৰ বাবে নতুন বিদ্যুৎ সংযােগ প্ৰদানৰ ব্যৱস্থা হাতত লৈছে অসম শক্তি বিতৰণ কােম্পানী লিমিটেড চমুকৈ এপিডিচিএলে। ঘৰতে বহি অনলাইনযোগে বিদ্যুৎ সংযোগৰ বাবে আৱেদন কৰিব পাৰিব যিকােনাে লােকে।

এতিয়া আৰু বিদ্যুৎ সংযোগৰ বাবে আৱেদন কৰিবলৈ গ্ৰাহকে বিদ্যুৎ বিভাগৰ কাৰ্যালয়লৈ গৈ শাৰীপাতি থাকিবৰ নালাগে।

ইয়াৰ উপৰি ৰাজ্যবাসীৰ বিদ্যুৎ মাছুল আদায় দিয়াৰ সুবিধাৰ বাবে ‘ইজিপে’ আঁচনি হাতত লৈছে এপিডিচিএলে।

এপিডিচিএলৰ পৰিচালন সঞ্চালক ৰাকেশ আগৰৱালাৰ উপস্থিতিত অধ্যক্ষ ভি কে পিপাৰচেনিয়াই শুকুৰবাৰে এই অভিনৱ আঁচনি দুখন মুকলি কৰে।

উল্লেখ্য যে অনলাইন বিদ্যুৎ সংযোগ ব্যৱস্থাৰ জৰিয়তে ঘৰতে বহি গ্ৰাহকে বিদ্যুৎ সংযোগৰ বাবে আবেদন কৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত বিদ্যুৎ সংযোগ লাভ কৰিব পাৰিব। ইয়াৰ বাবে এই লিংকত ক্লিক্ কৰি তথ্য প্ৰদান কৰিব লাগিব গ্ৰাহকে।

আনহাতে, বিদ্যুৎ মাছুল প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ লক্ষ্য লৈ ‘ইজিপে’ আঁচনি হাতত লোৱা হৈছে এপিডিচিএলে।

এই আঁচনিৰ অধিনত এপিডিচিএলৰ অনুমোদিত ব্যক্তিক বিদ্যুৎ মাচুল সংগ্ৰহ কৰাৰ কৰ্তৃত্ব প্ৰদান কৰা হ’ব।

ইয়াৰ ফলত আওহতীয়া ঠাইত বাস কৰা লোকসকলে বিদ্যুৎ মাছুল আদায় দিয়াৰ বাবে দূৰ-দূৰণিলৈ যোৱাৰ পৰা হাত সাৰিব পাৰিব।