অনন্য ভাৰত! দৰা খ্ৰীষ্টিয়ান, কইনা আকৌ মুছলমান, কিন্তু হিন্দু ৰীতি-নীতিৰে সম্পন্ন হ’ল দুয়োৰে বিবাহ…

নিউজ ডেস্কঃ ভালপোৱাৰ কোনো সীমা নাই, ভালপোৱাৰ কোনো সংজ্ঞা নাই।

এই ভালপোৱাই একলগ কৰিলে এগৰাকী খ্ৰীষ্টান যুৱক আৰু এগৰাকী মুছলমান যুৱতীক।

অলপতে সম্পূৰ্ণ হিন্দু ৰীতি-নীতিৰে সম্পন্ন হ’ল তেওঁলোকৰ বিবাহো। যি বিয়াৰ ফটো-ভিডিঅ’ই এতিয়া চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত।

image 123
অনন্য ভাৰত! দৰা খ্ৰীষ্টিয়ান, কইনা আকৌ মুছলমান, কিন্তু হিন্দু ৰীতি-নীতিৰে সম্পন্ন হ’ল দুয়োৰে বিবাহ… 4

দৰাচলতে মধ্যপ্ৰদেশৰ মানৱাৰৰ নিৱাসী এজন সাধাৰণ চাইকেল মেকানিকৰ কন্যা তবচ্ছুম হুছেইনৰ সৈতে হিন্দু ৰীতি-নীতিৰে বিবাহ পাশত আৱদ্ধ হ’ল অষ্ট্ৰেলিয়াৰ নিৱাসী খ্ৰীষ্টিয়ান যুৱক অছ হন্সচাইল্ড।

যোৱা ১৮ ডিচেম্বৰত মানৱাৰত সম্পন্ন হৈ যায় দুয়োৰে বিয়াখন।

জানিব পৰা মতে, উচ্চ শিক্ষা অধ্যয়নৰ বাবে অষ্ট্ৰেলিয়ালৈ যোৱাৰ সময়তে অছৰ সৈতে পৰিচয় ঘটিছিল তবচ্ছুমৰ।

image 124
অনন্য ভাৰত! দৰা খ্ৰীষ্টিয়ান, কইনা আকৌ মুছলমান, কিন্তু হিন্দু ৰীতি-নীতিৰে সম্পন্ন হ’ল দুয়োৰে বিবাহ… 5

দুয়োৰে মাজৰ ঘনিষ্ঠতাই প্ৰেমৰ নাম পোৱাত যোৱা ৫ আগষ্টত কোৰ্ট মেৰেজ সম্পন্ন কৰিছিল দুয়োজনে।

তাৰ পিছতে তবচ্ছুমক লগ কৰিবলৈ সাত সাগৰ তেৰ নদী অতিক্ৰম কৰি মানৱাৰত উপস্থিত হয় অছ হন্সচাইল্ড আৰু তেওঁৰ মাতৃ।

image 125
অনন্য ভাৰত! দৰা খ্ৰীষ্টিয়ান, কইনা আকৌ মুছলমান, কিন্তু হিন্দু ৰীতি-নীতিৰে সম্পন্ন হ’ল দুয়োৰে বিবাহ… 6

ভাৰতৰ হিন্দু বিবাহৰ ৰীতি-নীতি দেখি মুগ্ধ হৈ পৰা অছে তেওঁলোকৰ বিয়াখনো হিন্দু ৰীতি-নীতিৰেই সম্পন্ন কৰাৰ সিদ্ধান্ত লয়।

তাৰ পিছতে ইছলাম ধৰ্মাৱলম্বী তবচ্ছুমৰ পৰিয়াল আৰু খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী অছৰ পৰিয়ালৰ সন্মতিত সম্পূৰ্ণ হিন্দু ৰীতি-নীতিৰে বিবাহ পাশত আৱদ্ধ হয় প্ৰেমিক-প্ৰেমিকাহাল।